ভাৰতৰ আটাইতকৈ প্ৰত্যাশিত শস্য চপোৱা উৎসৱ পোংগল, লোহৰী, আৰু মকৰ সংক্ৰান্তিলৈ মাত্ৰ কেইদিনমান বাকী। তামিলসকলৰ কেলেণ্ডাৰ অনুসৰি ২০২৬ চনৰ ১৪ জানুৱাৰী বুধবাৰে পোংগল উদযাপন কৰা হ’ব।
পঞ্জাৱত মকৰ সংক্ৰান্তিত প্ৰথমটো দিনত লোহৰী উৎসৱ পালন কৰা হয়।পঞ্জাৱত লোহৰী উৎসৱ ৰবি শস্যৰ চপোৱাৰ দিন।
লোহৰি উৎসৱ লাল লোহি নামেৰেও জনাজাত এই লোহৰী কুঁহিয়াৰ, বাদাম, গজাক, আৰু তিল আৰু গুড়ৰ পৰা তৈয়াৰী মিঠাই আদি পৰম্পৰাগত খাদ্যৰে উদযাপন কৰা হয়। ভাংৰা নৃত্য কৰি এই উৎসৱত সকলোৱে আনন্দ প্ৰকাশ কৰে। আকৌ উত্তৰ ভাৰতত ইয়াক মকৰ সংক্ৰান্তি নামেৰেও জনা যায়। এই দিনটোত সকলোৱে ৰাতিপুৱা স্নান কৰি সূৰ্য্য দেৱতাক পূজা কৰে।
দক্ষিণ ভাৰতত প্ৰচলিত লোককথা অনুসৰি, মকৰ সংক্ৰান্তিৰ পিছদিনা ভগৱান শ্ৰীকৃষ্ণই গোবৰ্ধন পৰ্বত তুলি লৈছিল। হিন্দু পঞ্জিকা অনুসৰি, সূৰ্য্য ধনু ৰাশিৰ পৰা মকৰ ৰাশিলৈ গতি কৰিলে মকৰ সংক্ৰান্তি পালন কৰা হয়।
পোংগল উৎসৱৰ তৃতীয় দিনটোক মট্টু পংগল বুলি কোৱা হয়। এই দিনটোত ঘৰচীয়া জীৱ-জন্তু আৰু গৰু-ম’হক গা ধুই সজাই তোলা হয়। পোংগলৰ শেষ দিন কানুম পোংগল।
ভাৰতবৰ্ষত শস্য চপোৱা উৎসৱবোৰ বিভিন্ন নামেৰে জনাজাত যদিও এই সকলোবোৰ উৎসৱৰ সাৰমৰ্ম একেই। এই সময়ছোৱাত সূৰ্য্যই মকৰ ৰাশিত প্ৰৱেশ কৰাৰ বাবে শীতকালৰ চুটি দিনবোৰৰ অন্ত আৰু দীঘলীয়া দিনৰ আৰম্ভণি ঘটায়।
ভাৰতত শস্য চপোৱা উৎসৱবোৰ বিভিন্ন নাম আৰু পৰম্পৰাৰে পালন কৰা হয়, প্ৰত্যেকৰে নিজস্ব পৰম্পৰা, ৰীতি-নীতি, সাংস্কৃতিক তাৎপৰ্য্য আছে। গুজৰাটৰ শস্য চপোৱা উৎসৱ উত্তৰায়ণ নামেৰে জনাজাত। অসমত ইয়াক মাঘ বিহু বা ভোগালী বিহু বুলি জনা যায়, যাৰ ফলত শস্য চপোৱা বতৰৰ শেষত হয়।
উত্তৰ প্ৰদেশ আৰু বিহাৰত মকৰ সংক্ৰান্তিৰ দিনা খিচড়ি প্ৰস্তুত কৰা হয়, য’ত সকলোৱে লগে-ভাগে চাউল-দাইলেৰে তৈয়াৰী খাদ্য প্ৰস্তুত কৰি দান কৰে। পশ্চিম বংগত পৌশ সংক্ৰান্তিৰ দিনা চাউলৰ আটাৰে তৈয়াৰী মিঠাই প্ৰস্তুত কৰা হয়।









