হকী খেলুৱৈ পি আৰ শ্ৰীজেশলৈ বিশেষ সন্মান। হকী খেলৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পিছতে খেলুৱৈ গৰাকীক ক্ৰিকেট খেলুৱৈ শচীন তেণ্ডুলকাৰৰ সম মৰ্যদা প্ৰদান কৰিছে।
উল্লেখ্য যে, ভাৰতীয় হকী দলৰ হৈ দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়োৱা গ’লকিপাৰ পি আৰ শ্ৰীজেশ সন্দৰ্ভত ইতিমধ্যে হকী ইণ্ডিয়াই লৈছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত। দুটা দশক ধৰি নিজৰ বলিষ্ঠ পদৰ্শনেৰে হাজাৰ-হাজাৰ দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছিল প্ৰবীণ খেলুৱৈ গৰাকীয়ে।
ইয়াৰ মাজতে আকৌ দুটাকৈ অলিম্পিকত অংশগ্ৰহণ কৰি দুয়োবাৰতে বঞ্জৰ পদক লাভ কৰা ক্ষেত্ৰত বিশেষ ভুমিকা গ্ৰহণ কৰিছিল শ্ৰীজেশে। এনে এজন তাৰকা অৱসৰ ঘোষণাৰ মাজতে ১৬ নম্বৰ জাৰ্চিটোৰ সন্দৰ্ভত ক্ৰীকেটৰ ভগৱান শচীন তেণ্ডুলকাৰৰ সমপৰ্য্যায়ৰ সন্মান দিয়া হৈছে বুলি স্বীকাৰ কৰিছে খেলুৱৈ গৰাকীয়ে ।
বুধবাৰে এক ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰি হকী ইণ্ডিয়াৰ সাধাৰণ সম্পাদক ভোলা নাথ সিঙে কয়, “শ্ৰীজেশে প্ৰায় দুটা দশক ধৰি ভাৰতীয় হকী দলৰ বাবে ১৬ নম্বৰৰ জাৰ্চি পিন্ধি দেশক প্ৰতিনিধিত্ব কৰি আহিছে। ভাৰতীয় হকীৰ বাবে তেওঁ কৰা সকলো কামৰ বাবে আমি তেওঁৰ প্ৰতি কৃতজ্ঞ। গতিকে আমি সিদ্ধান্ত লৈছো যে, ১৬ নম্বৰৰ জাৰ্চিটো এতিয়া অৱসৰ লোৱা উচিত। শ্ৰীজেশে এতিয়া জুনিয়ৰ ৰাষ্ট্ৰীয় হকী দলৰ প্ৰশিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰিব। আমি আশা কৰিছো যে, তেওঁ নিজৰ অভিজ্ঞতা আৰু জ্ঞানেৰে যুৱ খেলুৱৈসকলক গ্ৰুম কৰিব।
শ্ৰীজেশৰ সন্মানত আয়োজন কৰা বিশেষ অনুষ্ঠানত এই ঘোষণাৰ পিছতে শ্ৰীজেশে কয়, “হকী ইণ্ডিয়াই মোৰ ১৬ নম্বৰ জাৰ্চি অৱসৰ লোৱাটো মোৰ বাবে এক বৃহৎ সন্মান। ভাৰতীয় হকী দলৰ অংশ হোৱাৰ বাবে মই অতি গৌৰৱ অনুভৱ কৰিছো।
অৱশ্যে, শ্ৰীজেশে কেৱল ছিনিয়ৰ দলৰ বাবেহে ১৬ নম্বৰৰ জাৰ্চি অৱসৰ লৈছে।’ জুনিয়ৰ দলৰ বাবে বৰ্তমানেো অৱসৰ লোৱা নাই ১৬ নম্বৰ জাৰ্চি। ভাৰতীয় হকী জুনিয়ৰ দলত আন এজন শ্ৰীজেশক সাজু কৰি ১৬ নম্বৰৰ জাৰ্চি আন এজনক দিয়া হ’ব বুলি হকী ইণ্ডিয়াৰ সাধাৰণ সম্পাদক ভোলা নাথ সিঙে সদৰি কৰিছে।
ইয়াৰ মাজতে অলিম্পিকৰ সন্দৰ্ভত আৱেঘবৰা ভাষাৰে প্ৰবীণ খেলুৱৈ গৰাকীয়ে কয় যে, টকিঅ’ অলিম্পিকত লাভ কৰা ব্ৰঞ্জৰ পদক তেওঁৰ হৃদয়ৰ ওচৰত। “তেতিয়া এনে লাগিছিল যে, দশক দশক পুৰণি কাহিনী এটা সঁচা হৈছিল।” অৱশ্যে পেৰিছ অলিম্পিকত দলটোৰ প্ৰদৰ্শনত অলপ হতাশ হৈছিলো।
লগতে তেওঁ কয় যে, আমি আশা কৰিছিলোঁ তেওঁৰ কেৰিয়াৰ সন্দৰ্ভত মই সদায় যিমান পাৰো দেশখনৰ বাবে দিবলৈ চেষ্টা কৰিলো আৰু এতিয়া আগবাঢ়ি যোৱাৰ সময় আহি পৰিছে।