ইণ্ডোনেছিয়াৰ আচেহ প্ৰদেশত শ্বৰীয়ত আইন অনুসৰি এক অবিবাহিত দম্পতীক ১৪০টাকৈ কোব দিয়া হয়। বিবাহৰ পূৰ্বে শাৰিৰীক সম্পৰ্ক স্থাপন আৰু মদ্যপানৰ অভিযোগ আচেহৰ ইছলামিক শ্বৰীয়ত আইন অনুসৰি গুৰুতৰ অপৰাধ বুলি গণ্য কৰা হয়।
ইণ্ডোনেছিয়া বিশ্বৰ সৰ্ববৃহৎ মুছলমান সংখ্যাগৰিষ্ঠ দেশ যদিও ধৰ্মনিৰপেক্ষ আইন ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰযোজ্য। ইয়াৰ পিছতো আচেহে একমাত্ৰ প্ৰদেশ য’ত শ্বৰীয়ত আইন সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰা হৈছে।
এক প্ৰতিবেদন অনুসৰি, ৰাজধানী বাণ্ডা আচেহৰ এক দম্পতীয়ে বিবাহৰ পূৰ্বে শাৰিৰীক সম্পৰ্ক স্থাপন কৰিছিল লগতে সুৰাও সেৱন কৰিছিল। যাৰ বাবে এখন ৰাজহুৱা উদ্যানত বৃহৎ সংখ্যক স্থানীয় লোকৰ উপস্থিতত তেওঁলোকক এই ভয়ানক শাস্তি প্ৰদান কৰা হয়। শ্বৰীয়ত আৰক্ষীয়ে দুয়োজনকে পিঠিত বেতেৰে আঘাত কৰে। শাস্তি প্ৰদানৰ অন্তত মহিলাগৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটে আৰু অচেতন হৈ পৰে, তাৰ পিছত লগে লগে এম্বুলেন্সেৰে তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয়।
শ্বৰীয়ত আৰক্ষীৰ মতে, বিবাহৰ পূৰ্বে শাৰিৰীক সম্পৰ্ক স্থাপনৰ বাবে দুয়োজনকে ১০০টা আৰু সুৰাপানৰ বাবে ৪০টা কোব দিয়া হৈছিল। অৰ্থাৎ তেওঁলোক দুয়োজনকে ১৪০টাকৈ কোব দিয়া হৈছিল। বিষয়াসকলে কয় যে ইমান বেছি সংখ্যক কোব সাধাৰণতে দিয়া নহয় আৰু শ্বৰীয়ত আইন কাৰ্যকৰী হোৱাৰ পিছত ই অন্যতম সৰ্বাধিক শাস্তি।
ইণ্ডোনেছিয়াৰ বাকী অংশতকৈ আচে প্ৰদেশৰ আইনী মৰ্যাদা পৃথক। দীৰ্ঘদিনীয়া বিচ্ছিন্নতাবাদী সংঘাতৰ পিছত ২০০১ চনত কেন্দ্ৰীয় চৰকাৰে আচেহক বিশেষ স্বায়ত্তশাসন প্ৰদান কৰে।এই স্বায়ত্তশাসনৰ অধীনত আচেহক ইছলামিক শ্বৰীয়ত আইন কাৰ্যকৰী কৰিবলৈ অনুমতি দিয়া হয়।
শ্বৰীয়ত আইন অনুসৰি, অবিবাহিত শাৰিৰীক সম্পৰ্ক, সুৰা সেৱন, জুৱা খেলা, সমকামী সম্পৰ্কক অপৰাধ বুলি গণ্য কৰা হয়। এই অপৰাধসমূহৰ শাস্তি ৰাজহুৱাভাৱে কোব দিয়া হয়, যি সামাজিক নিয়ন্ত্ৰণ আৰু শংকা জগাই তোলাৰ মাধ্যম হিচাপে গণ্য কৰা হয়। উল্লেখ্য যে, ২০২৫ চনৰ আৰম্ভণিতে সমকামী সম্পৰ্কৰ অভিযোগত দুজন লোকক ৭৬টাকৈ কোব দিয়া হৈছিল, যিটোক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তীব্ৰ সমালোচনা কৰা হৈছিল।










