২২ মাৰ্চৰ পৰা আৰম্ভ হ’বলগীয়া আই পি এল ২০২৫ত মুম্বাই ইণ্ডিয়ানছৰ খেল ২৩ মাৰ্চৰ পৰা আৰম্ভ হ’ব। চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে প্ৰথমখন মেচ খেলিব মুম্বাই ইণ্ডিয়ানছে। কিন্তু এই মেচখনৰ পৰা বাহিৰ হ’ব হাৰ্দিক পাণ্ডিয়া।
মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে হাৰ্দিক পাণ্ডিয়াক। কিন্তু যেতিয়া তেওঁ নিজেই নতুন ছিজনৰ প্ৰথমখন মেচৰ পৰা বাহিৰ হ’ব, তেতিয়া ডাঙৰ প্ৰশ্নটো হ’ল তেওঁৰ ঠাইত কোনে দলৰ দায়িত্ব ল’ব?
সংবাদমেললৈ আহি হাৰ্দিক পাণ্ডিয়াই নিজেই আহি এই ডাঙৰ প্ৰশ্নৰ উত্তৰ দিলে। ২০২৫ চনৰ আই পি এলত মুম্বাই ইণ্ডিয়ানছৰ প্ৰথমখন খেলত অধিনায়কত্ব কৰিব পৰা খেলুৱৈগৰাকীৰ নাম প্ৰকাশ কৰে পাণ্ডিয়াই।
বিগত ছিজনত অধিনায়ক হিচাপে তিনিবাৰকৈ একেটা ভুল পুনৰাবৃত্তি কৰাৰ বাবে শাস্তি লাভ কৰিছে হাৰ্দিক পাণ্ডিয়াই। ২০২৪ চনৰ আই পি এলত তেওঁক তিনিবাৰকৈ স্লো অভাৰ ৰেটৰ দোষী সাব্যস্ত কৰা হৈছিল, তাৰ পিছত আই পি এলৰ নিয়ম অনুসৰি তেওঁক এখন মেচৰ বাবে নিষেধাজ্ঞা আৰোপ কৰা হৈছে।
যিহেতু যোৱা ছিজনত মুম্বাই ইণ্ডিয়ানছে খেলা শেষৰখন মেচত তৃতীয়বাৰৰ বাবে স্লো অভাৰ ৰেটৰ বাবে দোষী সাব্যস্ত হৈছিল, গতিকে এইবাৰ এই নিষেধাজ্ঞা জাৰি কৰা হৈছে। এই কাৰণেই তেওঁ আই পি এল ২০২৫ৰ প্ৰথমখন মেচৰ পৰা বাহিৰ হ’ব।
মহেলা জয়ৱৰ্ধনৰ সৈতে মুম্বাইত অনুষ্ঠিত সংবাদমেলত নতুন অধিনায়কৰ বিষয়ে প্ৰকাশ কৰে হাৰ্দিক পাণ্ডিয়াই। তেওঁ কয় যে, যদি তেওঁ প্ৰথমখন মেচত নাথাকে, তেন্তে মেচখনৰ দ্বায়িত্ব ল’ব সূৰ্য্যকুমাৰ যাদৱে।
আই পি এলৰ ইতিহাসত মুম্বাই ইণ্ডিয়ানছ হৈছে সবাতোকৈ সফল দল। এই দলটোৱে সৰ্বাধিক বাৰ খিতাপ দখল কৰিছে। কিন্তু হাৰ্দিক পাণ্ডিয়াৰ অধিনায়কত্বত এই কাম এতিয়াও বাকী। অধিনায়ক হিচাপে হাৰ্দিকৰ নামত আই পি এলৰ এটা খিতাপ নিশ্চয় আছে, গুজৰাট টাইটানছৰ সৈতেহে তেওঁ সেই খিতাপ জয় কৰিছিল।