শেহতীয়াকৈ এক ৰিপৰ্ট ওলাইছিল যে বিৰাট কোহলীয়ে RCBৰ সৈতে বাণিজ্যিক চুক্তি স্বাক্ষৰ কৰিবলৈ অস্বীকাৰ কৰিছিল। ইয়াৰ পিছতে RCBৰ পৰা বিৰাটৰ বিচ্ছেদ সম্পৰ্কে আলোচনা আৰম্ভ হয়। চচিয়েল মিডিয়াৰ পৰা সংবাদ জগতলৈ এই চৰ্চা বিয়পি পৰে, কিন্তু প্ৰকৃত সত্য কোনেও প্ৰকাশ নকৰিলে।
মন কৰিবলগীয়া যে বিৰাট কোহলীয়ে RCB এৰি যোৱা নাই। তেওঁ কেৱল বাণিজ্যিক চুক্তি স্বাক্ষৰ কৰিবলৈ অস্বীকাৰ কৰিছে। ইয়াৰ অৰ্থ এইটো নহয় যে, বিৰাটে RCB এৰিছে। বিৰাটে এতিয়াই অৱসৰ লোৱা নাই। ২০২৬ চনৰ আই পি এলত আৰ চি বিৰ হৈ খেলা দেখা যাব।
আচলতে বাণিজ্যিক চুক্তি আৰু খেলুৱৈৰ চুক্তি দুটা বেলেগ বিষয়। বিৰাটে যদি RCB এৰিলেহেঁতেন, তেন্তে তেওঁ খেলুৱৈৰ চুক্তি বন্ধ কৰি দিলেহেঁতেন, কিন্তু তেওঁ বাণিজ্যিক চুক্তিত স্বাক্ষৰ কৰিবলৈ অস্বীকাৰ কৰিছে। অৰ্থাৎ তেওঁ হয়তো কোনো ব্ৰেণ্ডৰ সৈতে জড়িত হ’বলৈ অস্বীকাৰ কৰিছে।
আচলতে ফ্ৰেঞ্চাইজিসমূহে বিভিন্ন পৃষ্ঠপোষকতা লয়, য’ত কোৱা হৈছে যে তেওঁলোকৰ খেলুৱৈসকলে লীগৰ সময়ত তেওঁলোকৰ বাবে ভিডিঅ’ বা বিজ্ঞাপন কৰিব। এনে ক্ষেত্ৰত তেওঁলোকে পৃষ্ঠপোষকতা হিচাপে যথেষ্ট পৰিমাণৰ ধন লাভ কৰে। কিন্তু বিৰাটে হয়তো কোনো ব্ৰেণ্ডৰ সৈতে জড়িত হ’ব বিচৰা নাই, যাৰ বাবে তেওঁ বাণিজ্যিক চুক্তিত স্বাক্ষৰ কৰিবলৈ অস্বীকাৰ কৰিছে। অৱশ্যে কোনটো ব্ৰেণ্ডৰ সৈতে বিৰাটে জড়িত হ’বলৈ অস্বীকাৰ কৰিছে সেয়া কোনো প্ৰতিবেদনত প্ৰকাশ পোৱা নাই।