চলিত আই পি এলৰ ফাইনেলত প্ৰৱেশৰ লক্ষ্যৰে আজি দ্বিতীয়খন কোৱালিফায়াৰত মুখামুখি হ’ব পাঁচবাৰৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছ আৰু পঞ্জাব কিংছ। আজিৰ মেচখনত মুম্বাই ইণ্ডিয়ানছ ফেভাৰিট হিচাপে আখ্যা দিয়া হৈছে।
অভিলেখসংখ্যক ষষ্ঠবাৰৰ বাবে খিতাপ জয়ৰ লক্ষ্য লোৱা মুম্বাইয়ে শুকুৰবাৰে নিশা অনুষ্ঠিত হোৱা এলিমিনেটৰ মেচখনত গুজৰাট টাইটানছ দলক ২০ ৰানত পৰাস্ত কৰি দ্বিতীয় কোৱালিফায়াৰত স্থান নিশ্চিত কৰে।
এই মেচখনত মুম্বাইয়ে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত ২০ অভাৰত ৫টা উইঅকেট হেৰুৱাই ২২৮ ৰান সংগ্ৰহ কৰিছিল। মুম্বাইৰ এই বিশাল লক্ষ্যৰ আঁৰত আছিল ৰোহিত শৰ্মাৰ বিস্ফোৰক ৮১, জনী বেয়াৰষ্ট’ৰ ৪৭, সূৰ্যকুমাৰ যাদৱৰ ৩৩ আৰু তিলক বাৰ্মাৰ ২৫ ৰানৰ ইনিংছ।
ইয়াৰ প্ৰত্যুত্তৰত শুভমন গিল নেতৃত্বাধীন গুজৰাট টাইটানছে নিৰ্ধাৰিত ২০ অভাৰত ৬টা উইকেট হেৰুৱাই ২০৮ ৰানহে কৰিবলৈ সক্ষম হয়। গুজৰাটৰ হৈ ছাই সুদৰ্শনে দৰ্শনীয় ৮০ আৰু ৱাশ্বিংটন সুন্দৰে ৪৮ ৰানৰ বৰঙণি আগবঢ়ায়।
উল্লেখ্য যে, আজি হ’বলগীয়া দ্বিতীয়খন কোৱালিফায়াৰৰ বিজয়ী দলে ফাইনেলত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ বিৰুদ্ধে মুখামুখি হ’ব।