২০০৮ চনৰ উদ্বোধনী ছিজনৰ আই পি এল চেম্পিয়ন দল ৰাজস্থান ৰয়েলছক ক্ৰয় কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যৱসায়ী কাল সোমানীয়ে। ভাৰতত জন্মগ্ৰহণ কৰা আমেৰিকান ব্যৱসায়ী কাল সোমানীৰ নেতৃত্বত গঠিত এটা গোটে ৰাজস্থান ৰয়েলছৰ ফ্ৰেঞ্চাইজি অধিগ্ৰহণ কৰিছে। জানিব পৰা মতে, কনচৰ্টিয়ামে ১.৬৩ বিলিয়ন ডলাৰ অৰ্থাৎ ১৫,২৮২ কোটি টকাত ৰাজস্থান ৰয়েলছ টীমৰ বিক্ৰী চূড়ান্ত কৰিছে।
এই চুক্তিৰ জৰিয়তে ৰাজস্থান ৰয়েলছ আই পি এলৰ ইতিহাসৰ আটাইতকৈ ব্যয়বহুল ফ্ৰেঞ্চাইজি হিচাপে পৰিগণিত হ’বলৈ সাজু হৈছে। এইবাৰ প্ৰথমবাৰৰ বাবে আই পি এলৰ এটা দল ১ বিলিয়ন ডলাৰতকৈ অধিক মূল্যত বিক্ৰী হৈছে।
কাল সোমানী প্ৰযুক্তি আৰু বিনিয়োগ জগতৰ এজন বিশিষ্ট ব্যক্তি আৰু তেওঁ এড-টেক, ডাটা প্ৰাইভেচি, এআই গভৰ্নেন্স, আৰু স্প’ৰ্টছ টেক আদি ক্ষেত্ৰত কেইবাটাও বিশ্বব্যাপী কোম্পানী গঢ়ি তুলিছে। টাইমছ অৱ ইণ্ডিয়াত প্ৰকাশিত বাতৰি অনুসৰি সোমানীক সমৰ্থন কৰিছে, ৱালমাৰ্ট পৰিয়াল আৰু হেম্প পৰিয়ালৰ আমেৰিকান ব্যৱসায়ী ৰব ৱাল্টনে। আগন্তুক আই পি এল ২০২৬ ছিজনৰ পিছত কাৰ্যকৰী হ’ব এই চুক্তি।
এইয়া আই পি এলৰ ইতিহাসত সৰ্ববৃহৎ চুক্তি। যোৱা বছৰ টৰেণ্ট গ্ৰুপে চিভিচি কেপিটেল পাৰ্টনাৰ্ছৰ পৰা গুজৰাট টাইটানছৰ ৬৭% সংখ্যাগৰিষ্ঠ অংশীদাৰিত্ব প্ৰায় ৫,০২৫ কোটি টকাত লাভ কৰিছিল, যাৰ ফলত ফ্ৰেঞ্চাইজিৰ মূল্য প্ৰায় ৭,৫০০ কোটি। মন কৰিবলগীয়া যে, বিগত কেইবাবছৰ ধৰি ৰাজস্থান ৰয়েলছ ভাৰতত জন্মগ্ৰহণ কৰা ব্ৰিটিছ উদ্যোগপতি মনোজ বদালে আৰু অন্যান্য ব্যৱসায়ীসকলে যৌথভাৱে পৰিচালনা কৰি আহিছে।
২০০৮ চনত যেতিয়া ৰাজস্থান ৰয়েলছক ক্ৰয় কৰা হৈছিল তেতিয়া ইয়াৰ মূল্য আছিল মাত্ৰ ৬৭ মিলিয়ন অৰ্থাৎ প্ৰায় ২৬০-২৭০ কোটি। ২০২৬ চনত একেটা ফ্ৰেঞ্চাইজি প্ৰায় ১.৬৩ বিলিয়ন অৰ্থাৎ ১৫,২৮৯ কোটিত বিক্ৰী কৰা হৈছে। ২০০৮ চনৰ তুলনাত আজি ৰাজস্থান ৰয়েলছৰ মূল্য প্ৰায় ২৪ গুণ বৃদ্ধি পাইছে।












