মধ্যপ্ৰাচ্য আকৌ এবাৰ ভয়াৱহ যুদ্ধ সংকটৰ সন্মুখীন। আমেৰিকা আৰু ইৰাণৰ মাজত উত্তেজনা বৃদ্ধিয়ে সমগ্ৰ মধ্যপ্ৰাচ্যক অস্থিৰ কৰি তোলে। পৰিস্থিতি ইমানেই অৱনতি ঘটে যে যিকোনো মুহূৰ্ততে সামৰিক সংঘৰ্ষৰ সৃষ্টি হ’ব পাৰে। এই জটিল সন্ধিক্ষণত চৌদি আৰব, কাটাৰ আৰু ওমানে সক্ৰিয় কূটনৈতিক পদক্ষেপ গ্ৰহণ কৰে, যিয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰাত সহায়ক হয়।
উপসাগৰীয় বিষয়াসকলে ১৫ জানুৱাৰীত উল্লেখ কৰে যে, আমেৰিকা আৰু ইৰাণৰ মাজত উত্তেজনা শিখৰত উপনীত হৈছে। যুদ্ধৰ সম্ভাৱনা ৰোধ কৰিবলৈ ছৌদি আৰব, কাটাৰ আৰু ওমানে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে সঘনাই আলোচনা কৰে। এই দেশসমূহে ট্ৰাম্পৰ সন্মুখত উল্লেখ কৰে যে, ইৰাণক নিজৰ উদ্দেশ্য স্পষ্ট কৰাৰ সুযোগ দিয়া উচিত। উপসাগৰীয় বিষয়াসকলে এই প্ৰচেষ্টাক শেষ মুহূৰ্তৰ কূটনৈতিক কৌশল বুলিও অভিহিত কৰে।
উল্লেখ্য যে, ইৰাণৰ প্ৰতিবাদ আৰু দমনৰ অভিযোগৰ বিৰুদ্ধে সামৰিক ব্যৱস্থা গ্ৰহণৰ হুংকাৰ দিছিল আমেৰিকাই। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে ইৰাণেও কঠোৰ স্থিতি গ্ৰহণ কৰে। উপসাগৰীয় অঞ্চলত থকা আমেৰিকাৰ সামৰিক ঘাটি আৰু যুদ্ধ জাহাজৰ বিৰুদ্ধে প্ৰতিশোধ লোৱাৰ ভাবুকি দিছিল তেহৰানে। উত্তেজনা ইমানেই বৃদ্ধি পায় যে মধ্যপ্ৰাচ্যৰ সৰ্ববৃহৎ আমেৰিকাৰ সামৰিক ঘাটি বুলি গণ্য কৰা কাটাৰৰ আল-উদেইদ বিমান ঘাটিৰ পৰা আমেৰিকাই সামৰিক জোৱান আঁতৰাবলৈ বাধ্য হয়। আল-উদেইদ বিমান ঘাটিৰ পৰা আমেৰিকাৰ জোৱান সাময়িকভাৱে প্ৰত্যাহাৰ কৰাটোৱে পৰিস্থিতিৰ ভয়াৱহতাৰো সংকেত দিয়ে। আঞ্চলিক সূত্ৰৰ মতে, এই পদক্ষেপৰ পিছত সমগ্ৰ উপসাগৰীয় অঞ্চলৰ নিৰাপত্তা সংস্থাসমূহে সতৰ্ক হৈ পৰে। যুদ্ধৰ সম্ভাৱনাৰ আশাত সামৰিক কাৰ্যকলাপৰ পৰিৱৰ্তনও কৰা হৈছিল।
এক প্ৰতিবেদন অনুসৰি, ছৌদি আৰবৰ এজন জ্যেষ্ঠ বিষয়াই আমেৰিকাৰ নেতৃত্বক স্পষ্টভাৱে সকীয়াই দিছিল যে ইৰাণৰ ওপৰত আক্ৰমণৰ ফলত সমগ্ৰ অঞ্চলটোৰ বাবে বিধ্বংসী পৰিণতি হ’ব পাৰে। এই বিষয়াগৰাকীৰ মতে, যিকোনো সামৰিক ব্যৱস্থাই পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ লৈ যাব পাৰে। উপসাগৰীয় দেশসমূহে কেৱল আমেৰিকাৰ সৈতে নহয়, ইৰাণৰ সৈতেও পোনপটীয়াকৈ যোগাযোগ কৰিছিল। ইৰাণক এই স্পষ্ট বাৰ্তা দিয়া হৈছিল যে উপসাগৰীয় অঞ্চলত আমেৰিকাৰ ঘাটিসমূহ আক্ৰমণ কৰিলে আঞ্চলিক দেশসমূহৰ সৈতে ইয়াৰ সম্পৰ্ক স্থায়ীভাৱে ক্ষতিগ্ৰস্ত হ’ব। এই সতৰ্কবাণীয়ে উত্তেজনা হ্ৰাস কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।










