আমেৰিকাৰ পৰা সম্ভাৱ্য সামৰিক ব্যৱস্থাৰ সতৰ্কবাণীৰ মাজতে নিৰাপত্তা প্ৰস্তুতি তীব্ৰতৰ কৰি তুলিছে ইৰানে। ইৰাণৰ সামৰিক বিষয়াসকলৰ মতে, সমগ্ৰ দেশৰ বিভিন্ন সামৰিক ঘাটিসমূহক সুৰক্ষা প্ৰদানৰ বাবে ১০০০খন ড্ৰ’ন নিয়োগ কৰা হৈছে।
ইৰাণৰ চৰকাৰী সংবাদ সংস্থা তাছনিমে এই কথা নিশ্চিত কৰিছে। এই ড্ৰ’নে আমেৰিকাৰ যিকোনো কাৰ্যকলাপ বা আক্ৰমণৰ চেষ্টা নিৰীক্ষণ কৰিব। আমেৰিকাই দাবী কৰিছে যে, যদি ইৰাণক আক্ৰমণ কৰা হয় তেন্তে এই আক্ৰমণ বিগত বৰ্ষত ইৰাণৰ পাৰমাণৱিক কেন্দ্ৰত চলোৱা “মিডনাইট হামাৰ” অভিযানতকৈ বহু ভয়ংকৰ হ’ব।
এই সন্দৰ্ভত আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এক কঠোৰ বিবৃতি প্ৰকাশ কৰি কয় যে, আমেৰিকা ইৰাণ আক্ৰমণৰ বাবে সম্পূৰ্ণ প্ৰস্তুত। ইৰাণেও স্পষ্ট কৰি দিছে যে, যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ ইৰাণ সাজু।
শেহতীয়াকৈ ড’নাল্ড ট্ৰাম্পে ঘোষণা কৰিছিল যে কেইবাখনো ক্ষেপণাস্ত্ৰ ধ্বংসকাৰী জাহাজৰ সৈতে আমেৰিকাৰ বিমানবাহী জাহাজ ইউ এছ এছ আব্ৰাহাম লিংকনে মধ্যপ্ৰাচ্যলৈ ৰাওনা হৈছে। প্ৰয়োজন হ’লে তাৎক্ষণিকভাৱে আক্ৰমণ চলাব পাৰে বুলি আমেৰিকাই কয়।
উল্লেখযোগ্য যে, বিগত বৰ্ষৰ জুন মাহত মাজনিশা আমেৰিকাই ইৰাণৰ ওপৰত “মিডনাইট হামাৰ” আক্ৰমণ চলাইছিল, তাৰ পিছত আমেৰিকাই ইৰাণৰ পাৰমাণৱিক স্থাপনৰ যথেষ্ট ক্ষতিসাধন কৰা বুলি দাবী কৰিছিল। অৱশ্যে ট্ৰাম্পে কয় যে, ইৰাণে যদি আলোচনাৰ বাবে আগবাঢ়ি আহে তেন্তে সংঘাত ৰোধ কৰিব পৰা যাব। অৱশ্যে ইৰাণে আপোচৰ কোনো আভাস অস্বীকাৰ কৰি কয় যে ইৰাণে “সম্পূৰ্ণ সঁহাৰি”ৰ বাবে সাজু।










