ইজৰাইলৰ পক্ষত থিয় হৈ ইৰানক আক্ৰমণ কৰাৰ পৰিণাম ভয়াৱহ হ’ব আমোৰিকাৰ বাবে! বৃহস্পতিবাৰে ৰাছিয়াই আমেৰিকাক সকীয়াই দিয়ে। এই কথা প্ৰকাশ কৰিছে এক সংবাদ সংস্থাই।
কিন্তু ড’নাল্ড ট্ৰাম্প প্ৰশাসনে বৰ্তমান ইৰাণ আৰু ইজৰাইলৰ সংঘাতত আমেৰিকাক প্ৰত্যক্ষভাৱে জড়িত কৰিব নিবিচাৰে বুলি জনায়। বুধবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, তেওঁ এই সংঘাতত জড়িত হ’ব পাৰে বা নহ’বও পাৰে।
পিছে এইবাৰ ৰাছিয়াৰ বৈদেশিক মন্ত্ৰালয়ে সকীয়াই দিছে আমেৰিকাক। ৰাছিয়াৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ মাৰিয়া জাখাৰোভাই বৃহস্পতিবাৰে সাংবাদিকৰ আগত কয় যে, আমেৰিকাক এই পৰিস্থিতিত সামৰিক হস্তক্ষেপৰ বিৰুদ্ধে থাকিবলৈ সকীয়াই দিব বিচাৰিছে ৰাছিয়াই। কিয়নো আমেৰিকাই যদিহে এই যুদ্ধত হস্তক্ষেপ কৰে, তেতিয়াহ’লে আমেৰিকাৰ এই পদক্ষেপ অতি বিপজ্জনক হ’ব পাৰে, যাৰ পৰিণতি কল্পনাতীতভাৱে নেতিবাচক হৈ উঠিব পাৰে। বিগত সপ্তাহৰ পৰা ইজৰাইল আৰু ইৰাণৰ সংঘাতৰ অন্ত পেলোৱাৰ ক্ষেত্ৰত সক্ৰিয় হৈ উঠিছে ভ্লাডিমিৰ পুটিন।
অৱশ্যে ইৰানৰ ওপৰত প্ৰত্যক্ষভাৱে আক্ৰমণ কৰিব নে নকৰে সেয়া বৰ্তমানেও স্পষ্ট কৰা নাই ট্ৰাম্পে। এই পৰিৱেশত বুধবাৰে সংযুক্ত আৰব আমিৰশ্বাহীৰ সৈতে ৰাছিয়াই ইৰাণ-ইজৰাইল সংঘাতৰ অন্ত পেলোৱাৰ দাবী জনায়। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে এই সন্দৰ্ভত ইউ এ ইৰ ৰাষ্ট্ৰপতি মহম্মদ বিন জায়েদ আল নাহিয়ানৰ সৈতে কথা পাতিছিল। পিছত ক্ৰেমলিনে এক বিবৃতিত এই কথা ঘোষণা কৰে।