ইৰাণ আৰু ইজৰাইলৰ মাজত চলি থকা যুদ্ধৰ মাজতে বিশ্বৰ অন্যতম মুছলমান ৰাষ্ট্ৰ পাকিস্তানক সকিয়নী প্ৰদান কৰিছে ইৰাণে। নতুন দিল্লীস্থিত ইৰাণী দূতাবাসৰ উপ-মিশ্যন প্ৰধান জাভেদ হুছেনীয়ে শুকুৰবাৰে কয় যে এই সংঘৰ্ষত যদি তৃতীয় পক্ষই হস্তক্ষেপ কৰে তেন্তে ভয়ংকৰ পৰণতি ভোগ কৰিব লাগিব।
তেওঁ কয় যে পাকিস্তানে আমাৰ পক্ষত থাকিব বুলি আশা কৰিছো। পাকিস্তানে বুজিব লাগিব যে আজি যদি ইজৰাইলক বাধা দিয়া নহয়, তেন্তে ভৱিষ্যতে আৰু বহু দেশে আক্ৰমণৰ সন্মুখীন হ’ব লাগিব।
জাভেদ হুছেনীয়ে কয় যে এয়া ইজৰাইল আৰু ইৰাণৰ মাজত সংঘাত। যিকোনো তৃতীয় পক্ষৰ হস্তক্ষেপে জটিলতা বৃদ্ধি কৰিব। আমাৰ কিছুমান অঘোষিত ক্ষমতা আছে, যিবোৰ আমি ভৱিষ্যতৰ বাবে সুৰক্ষিত ৰাখিছো।
হোৱাইট হাউছত ড’নাল্ড ট্ৰাম্পৰ সৈতে পাকিস্তান সেনা প্ৰধান জেনেৰেল আছিম মুনিৰৰ সাক্ষাৎকাৰ সন্দৰ্ভত কৰাৰ প্ৰশ্নৰ উত্তৰ এইদৰে মন্তব্য কৰে হুছেনীয়ে।
হুছেনীয়ে কয় যে আমি সকীয়াই দিছো যে যদি কোনো তৃতীয় পক্ষই এই যুদ্ধত যোগদান কৰে, তেন্তে ইয়াৰ গুৰুতৰ পৰিণতি হ’ব।
ইফালে হুছেনীয়ে ভাৰতৰ প্ৰতি কোনো ধৰণৰ ক্ষোভ নাই বুলি উল্লেখ কৰি কয় ‘তেহৰানে ভৱিষ্যতে ভাৰতৰ পৰা উন্নত বুজাবুজি আৰু সহযোগিতা আশা কৰিছে।’