অসম কেবিনেটে মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদ পঞ্জীয়ন বিধেয়ক ২০২৪ ত অনুমোদন জনাইছে। এতিয়া চৰকাৰে ইয়াক বিধানসভাত উপস্থাপন কৰিব। দুটা বস্তু মুখ্যতঃ এই বিধেয়কৰ পৰা সলনি হ’ব। প্ৰথমতে, মুছলমান বিবাহ কাজীৰ দ্বাৰা নহয়, চৰকাৰী বিষয়াইহে পঞ্জীয়ন কৰিব। দ্বিতীয়তে, এই আইনৰ অধীনত বাল্য বিবাহৰ পঞ্জীয়ন অবৈধ বুলি গণ্য কৰা হ’ব।
২২ আগষ্ট অৰ্থাৎ আজি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বিধানসভাৰ মজিয়াত মুছলিম বিবাহ আৰু বিবাহ বিচ্ছেদ পঞ্জীয়ন বিধেয়ক ২০২৪ উত্থাপন কৰে। বুধবাৰে অসম কেবিনেটে এই বিধেয়কখনৰ বাবে অনুমোদন জনাইছিল। আজি ইয়াক সদনত প্ৰৱৰ্তন কৰা হয়।
এই বিধেয়কৰ পৰা মুলত দুটা বিষয়ৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হয়। প্ৰথমতে, মুছলমান বিবাহ চৰকাৰে পঞ্জীয়ন কৰিব, কাজীৰ দ্বাৰা নহয়। দ্বিতীয়তে, বাল্য বিবাহৰ পঞ্জীয়ন অবৈধ বুলি গণ্য কৰা হ’ব।
মুছলিম বিবাহ আৰু বিবাহ বিচ্ছেদ পঞ্জীয়ন বিধেয়ক ২০২৪ কি?
নতুন বিধেয়কখন বুজিবলৈ হ’লে, প্ৰথমে ইয়াৰ সৈতে সম্পৰ্কিত পুৰণি আইনখন বুজিব লাগিব। নব্বৈ বছৰ আগতে, ব্ৰিটিছৰ শাসনকালত, ১৯৩৫ চনৰ আইনত বিবাহ আৰু বিবাহ বিচ্ছেদৰ বাবে পঞ্জীয়নৰ কথা উল্লেখ কৰা হৈছিল। এই ব্যৱস্থা মুছলিম ধৰ্মাৱলম্বীৰ ব্যক্তিগত আইন অনুসৰি তৈয়াৰ কৰা হৈছিল। আইনখনে মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদৰ পঞ্জীয়নৰ প্ৰক্ৰিয়া নিৰ্ধাৰণ কৰিছিল। অৱশ্যে ২০১০ চনত এই প্ৰক্ৰিয়াত কিছু পৰিবৰ্তন অনা হৈছিল আৰু বিবাহৰ ক্ষেত্ৰত পঞ্জীয়ন বাধ্যতামূলক কৰা হৈছিল।
এই আইনৰ বাধ্যতামূলক চৰ্তটো আছিল যে, মুছলমান সমাজৰ বিবাহ আৰু বিবাহ বিচ্ছেদৰ বাবে পঞ্জীয়ন কৰাৰ দায়িত্ব এজন মুছলমান ব্যক্তিক দিয়া উচিত। ইয়াৰ উপৰি আইনখনত কোৱা হৈছিল যে, যদি কোনো লৰা আৰু ছোৱালীয়ে ক্ৰমশ: ২১ আৰু ১৮ বছৰৰ আইনী বিবাহযোগ্য বয়স সম্পূৰ্ণ নকৰে, তথাপিও তেওঁলোকে বিবাহ পঞ্জীয়ন কৰিব পাৰিব।
এই বিষয়টোৰ ওপৰত গুৰুত্ব প্ৰদান কৰি অসম চৰকাৰে মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদ পঞ্জীয়ন বিধেয়ক ২০২৪ আনে। যিয়ে মুছলমান বিবাহৰ ক্ষেত্ৰত কাজীৰ অধিকাৰ হ্ৰাস কৰিব। এতিয়াৰে পৰা এই আইন অনুসৰি, মুছলমানসকলৰ বিবাহ আৰু বিবাহ বিচ্ছেদ পঞ্জীয়ন কৰাৰ অধিকাৰ চৰকাৰী বিষয়াসকলৰ ওচৰত থাকিব। এই আইনখনে বাল্য বিবাহ বন্ধ কৰাৰ ক্ষেত্ৰতো বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব। মুখ্যমন্ত্ৰীৰ মতে, এই নতুন বিধেয়কখনে ইছলামিক নিকাহ ব্যৱস্থাত কোনোধৰণৰ পৰিৱৰ্তন নকৰে। বিধেয়কখনে কেৱল বিবাহ আৰু বিবাহ বিচ্ছেদৰ পঞ্জীয়নৰ ব্যৱস্থাহে সলনি কৰিব।
জুলাইত প্ৰকাশিত ভাৰত শিশু সুৰক্ষা প্ৰতিবেদনত কোৱা হৈছিল যে, অসমত বৰ্তমান বাল্য বিবাহৰ ঘটনা যথেষ্টখিনি হ্ৰাস পাইছে। প্ৰতিবেদনখনে অসম চৰকাৰৰ এই প্ৰচেষ্টাক প্ৰশংসা কৰে। প্ৰতিবেদনত কোৱা হৈছে যে, ২০২১ চনৰ পৰা ২০২৪ লৈ অসমত বাল্য বিবাহৰ ঘটনা প্ৰায় ৮১% হ্ৰাস পাইছে।