মধ্য-প্ৰাচ্যত চলি আছে আক্ৰমণ-প্ৰত্যাক্ৰমণৰ যুঁজ।শনিবাৰে ইজৰাইলে লেবাননৰ ৰাজধানী বেইৰুটত থকা হিজবুল্লাহৰ ঘাটিটোক লক্ষ্য কৰি ক্ষেপণাস্ত্ৰ আক্ৰমণ চলায়। লেবাননৰ ওপৰত ইজৰাইলৰ আক্ৰমণৰ এদিন পিছতে লেবাননৰ সশস্ত্ৰ সংগঠন হিজবুল্লাহে ইয়াৰ প্ৰতিশোধ লয়।
ইজৰাইলৰ প্ৰশাসনিক ৰাজধানী টেল আভিভক লক্ষ্য কৰি বহু ৰকেটৰো বৰষুণ কৰে। ইতিমধ্যে খবৰ পোৱা গৈছে যে, ইজৰাইলৰ কেইবাটাও ঘৰ ধ্বংস হৈছে। ইজৰাইলৰ সামৰিক তথ্য অনুসৰি, দেওবাৰে লেবাননৰ পৰা টেল আভিভত কমেও ২৪০টা ৰকেট নিক্ষেপ কৰা হয়।
ইয়াৰ এদিন পূৰ্বে, শনিবাৰে ইজৰাইলে লেবাননৰ ৰাজধানী বেইৰুটত থকা হিজবুল্লাহৰ ঘাটিক লক্ষ্য কৰি ক্ষেপণাস্ত্ৰৰে আক্ৰমণ চলায়। খবৰ অনুসৰি, ২৯ জন লোকৰ প্ৰাণহানিও হৈছে। সেই দিনটোত হিজবুল্লাহে প্ৰতিশোধৰ বাৰ্তাও দিছিল।
টেল আভিভ আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰি হিজবুল্লাই কয় যে, ইজৰাইলৰ ৰাজধানী আৰু ইয়াৰ আশে-পাশে থকা সামৰিক ঘাটিসমূহ হৈছে তেওঁলোকৰ লক্ষ্য।
দেওবাৰৰ আক্ৰমণৰ কথা উল্লেখ কৰি ইজৰাইল প্ৰতিৰক্ষা বাহিনীয়ে কয় যে, ৰাজধানী আৰু ইয়াৰ আশে-পাশে কেইবাটাও ঘৰ ধ্বংস হৈছে। আহত হয় বহু সাধাৰণ নাগৰিক। অৱশ্যে ইজৰাইল সেনাই কয় যে, কোনো লোক গুৰুতৰভাৱে আহত হোৱা নাই। সংবাদ সংস্থাৰ এক ভিডিঅ’ত উত্তৰ ইজৰাইলৰ নাহৰিয়া চহৰৰ এটা অট্টালিকাত ৰকেট অৱতৰণ কৰি তীব্ৰ শব্দৰে বিস্ফোৰণ ঘটে।
যোৱা ছেপ্টেম্বৰৰ পৰা ইজৰাইলে হিজবুল্লাহৰ ঘাটিসমূহক লক্ষ্য কৰি প্ৰত্যক্ষ আক্ৰমণ আৰম্ভ কৰিছে। অৱশ্যে তেওঁলোকে দাবী কৰে যে, দক্ষিণ বেইৰুটত থকা হিজবুল্লাহৰ ঘাটিত কেৱল তেওঁলোকেহে আক্ৰমণ কৰিছিল। সাধাৰণ মানুহৰ কোনো ক্ষতি হোৱা নাই।
ইজৰাইল আৰু হিজবুল্লাহৰ এই আক্ৰমণৰ প্ৰতি সঁহাৰি জনাই আমেৰিকাই যুদ্ধবিৰতিৰ প্ৰস্তাৱ আগবঢ়াইছে। অহা জানুৱাৰীৰ পৰা আনুষ্ঠানিকভাৱে কাৰ্যভাৰ গ্ৰহণ কৰিব নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। এতিয়ালৈকে টেল আভিভে তেওঁলোকৰ যুদ্ধবিৰতিৰ প্ৰস্তাৱ সন্দৰ্ভত কোনো মন্তব্য কৰা নাই। ইজৰাইলৰ সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি, সোমবাৰে প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে এই বিষয়ত বৈঠক অনুষ্ঠিত কৰিব পাৰে।