বৰ্তমানেও গাজাত ইজৰাইলৰ আক্ৰমণ বন্ধ হোৱা নাই। শনিবাৰে ইজৰাইলে পুনৰবাৰ গাজা আক্ৰমণ কৰে, য’ত ৫ জন লোকৰ প্ৰাণহানি হোৱাৰ বিপৰীতে বহু লোক আহত হোৱা বুলি জানিব পৰা গৈছে।
পেলেষ্টাইনৰ স্বাস্থ্য বিভাগৰ এগৰাকী বিষয়াই কয় যে, ইজৰাইলে নিক্ষেপ কৰা ক্ষেপণাস্ত্ৰ এখন গাড়ীৰ ওপৰত পৰে, যাৰ বাবে এই আক্ৰমণত ৱৰ্ল্ড চেণ্ট্ৰেল কিচেন চেৰিটিৰ তিনিজন কৰ্মচাৰীকে ধৰি পাঁচজন লোকৰ মৃত্যু হয়।
ৱৰ্ল্ড চেণ্ট্ৰেল কিচেন চেৰিটিৰ কৰ্মচাৰীসকলে গাজাৰ যুদ্ধবিধ্বস্ত অঞ্চলত ক্ষতিগ্ৰস্ত লোকসকলক সাহায্য প্ৰদান কৰিছিল, যদিও চলিত বৰ্ষৰ আৰম্ভণিতে ইজৰাইলী আক্ৰমণত ইয়াৰ সাতজন কৰ্মচাৰীৰ প্ৰাণহানি হয়, যাৰ পিছত গাজাত ইয়াৰ সেৱা সাময়িকভাৱে বন্ধ কৰি দিয়া হয়।
পিছত ইজৰাইল সেনাই এক বিবৃতি প্ৰকাশ কৰি কয় যে, এই কথিত হামাছৰ সন্ত্ৰাসবাদীয়ে ডব্লিউ চি কেৰ সৈতে কাম কৰিছিল। আন্তঃৰাষ্ট্ৰীয় সমাজৰ জ্যেষ্ঠ বিষয়া আৰু ডব্লিউ চি কে প্ৰশাসনক এইটো কেনেকৈ হ’ল সেই বিষয়ে স্পষ্ট কৰিবলৈ সেনাই কয়। ইয়াৰ পূৰ্বে ইজৰাইলৰ সেনাই শনিবাৰে কয় যে, তেওঁলোকৰ যুদ্ধ বিমানে লেবাননৰ সৈতে ছিৰিয়াৰ সীমান্তত হিজবুল্লাহৰ অস্ত্ৰ সৰবৰাহৰ স্থানত আক্ৰমণ চলাইছিল।
ইজৰাইল আৰু হামাছৰ মাজত বিগত কেইবামাহো ধৰি গাজাত যুদ্ধ চলি আছে। ইজৰাইলে গাজাক এক প্ৰকাৰ ধ্বংসই কৰি পেলাইছে। ইজৰাইলী সেনাই গাজাত আত্মগোপন কৰি থকা হামাছৰ যোদ্ধাক বিচাৰি শেষ কৰি আছে। ইজৰাইলে গাজাত ইমানেই বোমা বিস্ফোৰণ কৰিছে যে, ই বৰ্তমান ধ্বংসাৱশেষলৈ পৰিণত হৈছে।