ইজৰাইলত পুনৰ ড্ৰ’নেৰে আক্ৰমণ চলাইছে হুথী বিদ্ৰোহীয়ে। যাৰ বাবে ধ্বংস হৈছে টেল আভিভৰ এটা সামৰিক ঘাটিত। আক্ৰমণৰ পিছত হুথী বিদ্ৰোহীয়ে কয় যে, ড্ৰ’নে সফলভাৱে নিজৰ লক্ষ্যত উপনীত হৈছে।
বৃহস্পতিবাৰে আল-মাছিৰাত সম্প্ৰচাৰিত এক বিবৃতিত হুথীৰ সামৰিক মুখপাত্ৰ ইয়াহিয়া ছাৰিয়াই কয় যে, ইজৰাইলৰ শত্ৰুৰ সৈতে দীৰ্ঘদিনীয়া যুদ্ধৰ বাবে সাজু।গাজাত ইজৰাইলী আক্ৰমণ বন্ধ নোহোৱালৈকে তেওঁলোকৰ বন্ধ নহ’ব অভিযান।
এক প্ৰতিবেদন অনুসৰি হুথী গোটৰ দাবী সন্দৰ্ভত ইজৰাইলে বৰ্তমানেও কোনোধৰণৰ মন্তব্য কৰা নাই। ইয়াৰ পূৰ্বে ইজৰাইলে উত্তৰ য়েমেনৰ হুথীৰ ঘাটিৰ বিৰুদ্ধে বিমান আক্ৰমণ চলাইছিল। ইয়াৰ বাবেই ৰাজধানী চহৰ ছানাৰ দুটা ডাঙৰ বিদ্যুৎ কেন্দ্ৰ ধ্বংস হয়। লোহিত সাগৰৰ বন্দৰ চহৰ হোদেইদাত আমদানিকৃত ইন্ধন মজুত স্থানত হয় বোমা বিস্ফোৰণ।
হুথী গোটটোৱে জনোৱা অনুসৰি, হোদেইদাৰ ৰাছ ইছা আৰু আছ-ছালিফ বন্দৰত পূৰ্বতে ইজৰাইলৰ বিমান আক্ৰমণত ৯ জন লোক নিহত হোৱাৰ লগতে আহত হয় আন তিনিজন লোক। এই আক্ৰমণ হাউথী গোটৰ বাবে আছিল এক মোক্ষম আঘাত।
যাৰ প্ৰতিশোধ স্বৰূপে হাউথীয়ে ইজৰাইলত চলাই ড্ৰ’নেৰে আক্ৰমণ চলায়।