আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এয়াৰ ফৰ্চ ৱান সন্দৰ্ভত হোৱা আলোচনাত গাজা সমস্যা সমাধানৰ পৰিকল্পনা দাঙি ধৰে। ট্ৰাম্পে গাজা সম্পূৰ্ণৰূপে পৰিষ্কাৰ কৰি তাত বাস কৰা পেলেষ্টাইনীসকলক চুবুৰীয়া আৰব দেশত সংস্থাপন কৰাৰ কথা উল্লেখ কৰে। তেওঁ চুবুৰীয়া আৰব দেশসমূহে পেলেষ্টাইনী শৰণাৰ্থীক গ্ৰহণ কৰি সংঘাতপূৰ্ণ গাজা ষ্ট্ৰিপক “পৰিষ্কাৰ” কৰিবলৈ পৰামৰ্শ দিয়ে।
ট্ৰাম্পে লগতে কয় যে, ইয়াৰ বাবে তেওঁ জৰ্ডানৰ ৰজা দ্বিতীয় আব্দুল্লাৰ সৈতেও আলোচনাত কৰিছে আৰু ইজিপ্তৰ ৰাষ্ট্ৰপতি ফাতাহ আল চিছিৰ সৈতেও এই বিষয়ে আলোচনাত লিপ্ত হ’ব।
জৰ্ডানৰ বৈদেশিক মন্ত্ৰী আয়মান ছাফাদীয়ে দেওবাৰে স্পষ্ট কৰি দিয়ে যে, পেলেষ্টাইনীক অপসাৰণৰ বিৰুদ্ধে দেশখনৰ স্থিতি সলনি হ’ব নোৱাৰে। দেওবাৰে ইজিপ্তৰ বৈদেশিক মন্ত্ৰালয়েও পেলেষ্টাইনীসকলৰ অধিকাৰ ৰক্ষা আৰু গাজাৰ জনসাধাৰণক উৎখাত কৰি পেলোৱাৰ বিৰোধিতা কৰাৰ প্ৰতিশ্ৰুতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
ৰাষ্ট্ৰসংঘৰ তথ্য অনুসৰি, ২০২৩ চনৰ অক্টোবৰ মাহত ইজৰাইল আৰু হামাছৰ মাজত যুদ্ধ আৰম্ভ হোৱাৰ পিছত প্ৰায় ১৯ লাখ লোক অৰ্থাৎ গাজাৰ জনসংখ্যাৰ ৯০ শতাংশতকৈ অধিক লোকে পলায়ন কৰিছে। স্থানচ্যুত হৈছে বহুতো। গাজাৰ স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি, ১৫ মাহজোৰা এই যুদ্ধত ৪৭ হাজাৰৰো অধিক পেলেষ্টাইনী লোকৰ প্ৰাণহানি হৈছে।
যদিও ১৫ জানুৱাৰীত দুয়োপক্ষই এই যুদ্ধবিৰতি চুক্তিত স্বাক্ষৰ কৰিছিল, তাৰ পিছত হামাছে ইজৰাইলক বন্দী বিনিময়ৰ ব্যৱস্থা উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰিছে। গৃহমুখী হোৱা পেলেষ্টাইনীসকলৰ ওপৰত গুলীচালনা কৰে ইজৰাইলৰ স্নাইপাৰে। ২৫ জানুৱাৰীত হামাছে ২০০ পেলেষ্টাইনী বন্দীক মুকলি কৰি দিয়াৰ বিনিময়ত চাৰিগৰাকী ইজৰাইলী মহিলা সৈনিকক গতাই দিয়ে।