ছিৰিয়াৰ ডেৰা প্ৰদেশ আৰু দামাস্কাছত পুনৰ ইজৰাইলী সেনাই বিমান আক্ৰমণ চলোৱাৰ ফলত কমেও দুজন লোক নিহত হোৱাৰ লগতে ২০০ ৰো অধিকৰ প্ৰাণহানি হয়। ছিৰিয়াৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাছাৰ আল আছাদক সমৰ্থন কৰা বাহিনীৰ ঘাটিত এই আক্ৰমণ সংঘটিত হৈছিল। এই আক্ৰমণত অস্ত্ৰ-শস্ত্ৰ আৰু সামৰিক বাহনক লক্ষ্য কৰি লোৱা হয়।
এক প্ৰতিবেদন অনুসৰি, ডেৰা প্ৰদেশৰ ছিৰিয়াৰ সামৰিক ঘাটিত ইজৰাইলী সেনাই বিমান আক্ৰমণ চলাইছিল, য’ত বহু সামৰিক ঘাটি ধ্বংস হৈছিল। ইজৰাইলী সেনাই এক বিবৃতিত কয় যে, তেওঁলোকে বৰ্তমান দক্ষিণ ছিৰিয়াৰ কমাণ্ড চেণ্টাৰ আৰু অস্ত্ৰ ডিপোকে ধৰি সামৰিক লক্ষ্যত আক্ৰমণ কৰি আছে। দক্ষিণ ছিৰিয়াত কোনো ধৰণৰ সামৰিক ভাবুকিৰ উপস্থিতি তেওঁলোকে সহ্য নকৰে আৰু ইয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব।
১৭ মাৰ্চত গাজা, লেবানন আৰু ছিৰিয়াত ইজৰাইলে বিমান আক্ৰমণ চলায়। এই আক্ৰমণত কমেও ২০০ ৰো অধিকৰ প্ৰাণহানি হয়। ইয়াৰ ভিতৰত শিশুও আছে। এই আক্ৰমণত সামৰিক ঘাটি আৰু সন্ত্ৰাসবাদীক লক্ষ্য কৰি লোৱাৰ বিপৰীতে ইজৰাইলী সেনাই দাবী কৰিছিল যে এই আক্ৰমণ সন্ত্ৰাসবাদীৰ ষড়যন্ত্ৰ বিফল কৰিবলৈ কৰা হৈছে।
এই আক্ৰমণৰ পিছত গাজা আৰু লেবাননত চলি থকা যুদ্ধবিৰতিৰ ওপৰতো প্ৰশ্ন উত্থাপন হ’বলৈ আৰম্ভ কৰিছে। এক প্ৰতিবেদন অনুসৰি গাজাৰ স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা অনুসৰি, সোমবাৰে পুৱা ইজৰাইলে চলোৱা বিমান আক্ৰমণত কমেও ৪৪ জন লোকৰ প্ৰাণহানি হৈছে।
ইজৰাইলে লেবাননত থকা হিজবুল্লাহৰ ঘাটিকো লক্ষ্য কৰি লৈছিল। ইজৰাইলে জনোৱা মতে, লেবাননৰ দক্ষিণৰ যোহমূৰ চহৰত হিজবুল্লাহৰ দুজন সদস্যক শেষ কৰা হৈছে। লেবাননৰ ৰাজ্যিক সংবাদ সংস্থাই প্ৰকাশ কৰা অনুসৰি, ২জন লোক নিহত হোৱাৰ লগতে ২জন আহতও হয়। পিছত ইজৰাইলৰ সেনাই হিজবুল্লাহৰ অন্যান্য লক্ষ্যতো আক্ৰমণ কৰা বুলি কয় যদিও স্থানসমূহ প্ৰকাশ কৰা নাই।