পেলেষ্টাইনী গোট হামাছে ২৭ মে’ত আমেৰিকাৰ দূত ষ্টিভ উইটকফে দাখিল কৰা নতুন যুদ্ধবিৰতি প্ৰস্তাৱত অনুমোদন জনোৱাৰ কথা ঘোষণা কৰি গাজা ষ্ট্ৰিপত চলি থকা ইজৰাইলৰ আক্ৰমণ বন্ধ কৰাৰ প্ৰচেষ্টাত সম্ভাৱ্য অগ্ৰগতিৰ আশা বৃদ্ধি কৰে।
হামাছে এক আনুষ্ঠানিক বিবৃতিত কয় যে, এই প্ৰস্তাৱত এটা সাধাৰণ পৰিস্থিৰ ৰূপৰেখা দাঙি ধৰা হৈছে। য’ত স্থায়ী যুদ্ধবিৰতি, গাজা ষ্ট্ৰিপৰ পৰা ইজৰাইলী বাহিনী সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰা, মানৱীয় সাহায্যৰ তাৎক্ষণিক প্ৰৱেশ আৰু চুক্তিখনৰ আনুষ্ঠানিক ঘোষণাৰ পিছত এনক্লেভৰ নাগৰিক পৰিক্ৰমা পৰিচালনাৰ বাবে এখন পেছাদাৰী সমিতি গঠন কৰা আদি অন্তৰ্ভুক্ত কৰা হৈছে।
হামাছৰ বিবৃতিত আৰু কোৱা হৈছে যে, এই চুক্তিত আন্তঃৰাষ্ট্ৰীয় মধ্যস্থতাকাৰীৰ তত্বাৱধানত চুক্তিবদ্ধ সংখ্যক পেলেষ্টাইনী বন্দীৰ বিনিময়ত ১০জন ইজৰাইলী বন্দীক মুকলি কৰি দিয়াৰ লগতে কেইবাটাও মৃতদেহ ঘূৰাই অনাৰ কথাও অন্তৰ্ভুক্ত কৰা হৈছে।
যুদ্ধবিৰতি চুক্তিতো সন্মতি প্ৰকাশ কৰি হামাছে এক বিবৃতি প্ৰকাশ কৰিছে। কিন্তু যুদ্ধবিৰতি চুক্তি সন্দৰ্ভত ইজৰাইলৰ পৰা এতিয়ালৈকে কোনো ইতিবাচক বক্তব্য দিয়া হোৱা নাই বুলি উল্লেখ কৰে হামাছে। নেতান্যায়াহুৰ বিৰুদ্ধে যুদ্ধ দীঘলীয়া কৰিব বিচৰাৰ অভিযোগ উত্থাপন হৈছে। লগতে হামাছে কৈছে যে, যুদ্ধবিৰতিৰ বাবে দুয়োপক্ষই একমত হোৱাটো প্ৰয়োজন। পূৰ্বৰ যুদ্ধবিৰতিও ইজৰাইলে ভংগ কৰিছিল।