মধ্যপ্ৰাচ্যত চলিছে যুদ্ধৰ দামামা। ইজৰাইলে ইৰাণৰ পাৰমাণৱিক স্থানত আক্ৰমণ কৰিছিল। ইয়াৰ পিছত দুয়োখন দেশৰ মাজত যুদ্ধ আৰম্ভ হয়। এই সন্দৰ্ভত ওলাইছে এক ডাঙৰ খবৰ।
এক প্ৰতিবেদন অনুসৰি, যুদ্ধৰ সময়ত ইজৰাইলৰ যুঁজাৰু বিমানখনে সমস্যাত পৰিছিল আৰু ইয়াৰ বাবেই জৰুৰীকালীন অৱতৰণ কৰিবলগীয়া হৈছিল। গুৰুত্বপূৰ্ণ কথাটো হ’ল ইজৰাইলৰ যুদ্ধ বিমানখন আন এখন দেশৰ সীমান্তত আছিল আৰু তথাপিও ইয়াক ৰক্ষা কৰা হৈছিল।
এক প্ৰতিবেদন অনুসৰি, ইজৰাইলৰ যুদ্ধ বিমানখনে ইৰাণক আক্ৰমণ কৰিবলৈ চেষ্টা কৰিছিল। এই সময়ছোৱাত এফ-১৫ৰ পাইলটে যুদ্ধ বিমানখনৰ ইন্ধন শেষ হোৱা দেখিছিল। লগে লগে তেওঁ নিজৰ দলটোক এই বিষয়ে অৱগত কৰিলে যদিও আকাশী ইন্ধন ভৰোৱাৰ বিকল্পৰ অভাৱত তেওঁ চুবুৰীয়া দেশ এখনত জৰুৰীকালীন অৱতৰণ কৰিবলগীয়া হ’ল। অৱশ্যে কোনখন দেশত অৱতৰণ কৰা হৈছিল সেই কথা প্ৰতিবেদনত প্ৰকাশ কৰা হোৱা নাই।
আচলতে ইজৰাইলৰ এই অভিযানত ইন্ধন ভৰোৱা বিমান নাছিল। ইয়াৰ বাবেই এফ-১৫ৰ জৰুৰীকালীন অৱতৰণ কৰিবলগীয়া হৈছিল। কিন্তু ইয়াৰ পিছত ইন্ধন ভৰোৱা জেটখন পঠিওৱা হয় আৰু ইজৰাইলে নিজৰ বিমানখন নিৰাপদে ৰক্ষা কৰে। ইৰাণ আৰু ইজৰাইলৰ মাজত যুদ্ধই অতি ভয়ংকৰ পৰ্যায়ত উপনীত হৈছিল। দুয়োখন দেশে এই আক্ৰমণৰ বাবে ক্ষেপণাস্ত্ৰৰ লগতে ড্ৰ’ন ব্যৱহাৰ কৰিছিল।