ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যায়াহুৱে গাজা সম্পূৰ্ণৰূপে দখল কৰাৰ পৰিকল্পনাৰ মাজতে ইজৰাইলৰ নিৰাপত্তা বাহিনীয়ে গাজাত দ্ৰুত আক্ৰমণ চলাইছে। এই আক্ৰমণত আল জাজিৰাৰ কমেও পাঁচজন সাংবাদিক নিহত হৈছে।
আল জাজিৰাৰ প্ৰতিবেদন অনুসৰি, গাজা চহৰৰ আল-শ্বিফা হাস্পতালৰ মূল গেটৰ বাহিৰত সংবাদ মাধ্যমৰ বাবে তম্বু এটাক লক্ষ্য কৰি ইজৰাইলী আক্ৰমণত নিহত হোৱা সাতজন লোকৰ ভিতৰত পাঁচজন সাংবাদিকও আছিল। প্ৰতিবেদনত কোৱা হৈছে যে, আল জাজিৰাৰ সংবাদদাতা আনাছ আল শ্বৰীফ আৰু মহম্মদ কাৰিকাহৰ লগতে কেমেৰামেন ইব্ৰাহিম জাহিৰ, মোৱামেন আলিৱা আৰু মহম্মদ নৌফাল নিহত হৈছে।
আক্ৰমণৰ কিছু সময়ৰ পিছতে ইজৰাইলৰ সেনাই এক বিবৃতিত আল জাজিৰাৰ সংবাদদাতা আনাছ আল শ্বৰীফক লক্ষ্য কৰি লোৱা বুলি স্বীকাৰ কৰি তেওঁক সন্ত্ৰাসবাদী বুলি অভিহিত কৰি কয় যে, তেওঁ হামাছৰ এটা সন্ত্ৰাসবাদী কোষৰ মুৰব্বী হিচাপে কাম কৰিছিল।
মৃত্যুৰ কিছু মুহূৰ্ত পূৰ্বে ২৮ বছৰীয়া আল শ্বৰীফে গাজা চহৰত ইজৰাইলৰ তীব্ৰ বোমা বিস্ফোৰণৰ খবৰ দিয়া দেখা গৈছিল। ছ’চিয়েল মিডিয়া এক্সত শ্বৰীফে এই আক্ৰমণৰ বাতৰি প্ৰকাশ কৰিছিল। আল জাজিৰাৰ বাতৰি অনুসৰি এই পোষ্টটো তেওঁৰ এজন বন্ধুৱে পোষ্ট কৰা যেন লাগে, যিটো তেওঁৰ একাউণ্টৰ পৰা তেওঁৰ মৃত্যুৰ তথ্য পোৱাৰ পিছত প্ৰকাশ কৰা হৈছে।