ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যায়াহুৱে এটা চাঞ্চল্যকৰ দাবী উত্থাপন কৰি দাবী কৰিছে যে ইজৰাইলে বিশ্বৰ আটাইতকৈ বিপজ্জনক আৰু উন্নত অস্ত্ৰ নিৰ্মাণ কৰিছে, যিটো অস্ত্ৰ এতিয়া আমেৰিকাক গতাই দিয়া হৈছে।
৬ অক্টোবৰত আমেৰিকাৰ সাংবাদিক বেন শ্বেপিৰোৰ সৈতে হোৱা এক সাক্ষাৎকাৰত নেতান্যায়াহুৱে কয় যে, ইজৰাইলে আমেৰিকাক এনে অস্ত্ৰ প্ৰদান কৰে, যিবোৰ আন কোনো মহাশক্তিৰ হাতত নাই। তেওঁ কয় যে, এনে কিছুমান প্ৰযুক্তি বিকশিত কৰা হৈছে, যিবোৰ কেৱল ইজৰাইলৰ হাততহে আছে আৰু সেইয়া ইজৰাইলে আমেৰিকাৰ সৈতে ভাগ কৰিছে।
বেঞ্জামিন নেতান্যায়াহুৱে কি অস্ত্ৰ বা প্ৰতিৰক্ষা প্ৰযুক্তিৰ কথা উল্লেখ কৰিছে সেই কথা প্ৰকাশ কৰা নাই যদিও তেওঁৰ বক্তব্যই বিশ্বৰ প্ৰতিৰক্ষা বিশেষজ্ঞসকলৰ মাজত আলোচনাৰ সূচনা কৰিছে। সাক্ষাৎকাৰত নেতান্যায়াহুৱে ইৰাণৰ ক্ৰমবৰ্ধমান পাৰমাণৱিক ক্ষমতাক লৈ উদ্বেগ প্ৰকাশ কৰে। তেওঁ দাবী কৰে যে ইৰাণে এতিয়া আন্তঃমহাদেশীয় বেলিষ্টিক মিছাইল (আইচিবিএম) প্ৰস্তুত কৰি আছে যিয়ে আমেৰিকাৰ নিউয়ৰ্ক, ৱাশ্বিংটন, বষ্টন, মিয়ামি আদি চহৰক লক্ষ্য কৰি ল’ব পাৰে। নেতান্যায়াহুৱে কয় যে, ইৰানে বৰ্তমান ৮ হাজাৰ কিলোমিটাৰ দূৰত্বৰ ক্ষেপণাস্ত্ৰ নিৰ্মাণ কৰিছে। যদি তেওঁলোকে আৰু ৩ হাজাৰ কিলোমিটাৰ দূৰত্ব যোগ কৰে তেন্তে ই আমেৰিকাৰ পূৱ-উপকূলত উপনীত হ’ব পাৰে। এয়া প্ৰকৃত ভাবুকি। তেওঁ লগতে কয় যে ইৰাণৰ এই সামৰ্থ্যই কেৱল মধ্যপ্ৰাচ্যৰ বাবেই নহয়, আমেৰিকাৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বাবেও প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব পাৰে।