মধ্যপ্ৰাচ্যত ইজৰাইল আৰু ইৰাণৰ মাজত আৰম্ভ হোৱা যুদ্ধৰ বাবে বৃদ্ধি পাইছে উত্তেজনা। এই যুদ্ধক লৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰাণক কঠোৰ সতৰ্কবাণী দিয়াৰ সময়তে ইজৰাইলে ইৰাণৰ বিৰুদ্ধে পুনৰ আক্ৰমণ আৰম্ভ কৰা বুলি জানিব পৰা গৈছে।
ইৰাণৰ সংবাদ মাধ্যমে জানিব দিয়া অনুসৰি, ইজৰাইল সেনাই পুনৰ ইৰাণৰ পাৰমাণৱিক স্থানত আক্ৰমণ আৰম্ভ কৰিছে।
কোৱা হৈছে যে ইজৰাইলে পুনৰ শ্বিৰাজ আৰু টাবৰিজ চহৰৰ লগতে নাটাঞ্জ পাৰমাণৱিক স্থানত আক্ৰমণ আৰম্ভ কৰিছে। ইয়াৰ পূৰ্বে ইজৰাইলৰ সামৰিক মুখপাত্ৰ ব্ৰিগেডিয়াৰ জেনেৰেল ইফি ডেফ্ৰিনে কৈছিল যে ইজৰাইলৰ আক্ৰমণত ইৰাণৰ মূল পাৰমাণৱিক স্থানত বহু ক্ষতি হৈছে।
তেওঁ লগতে কৈছিল যে এই অভিযান আৰু দীঘলীয়া হ’ব পাৰে, যিয়ে স্পষ্টভাৱে ইংগিত দিয়ে যে ইজৰাইলে এই আক্ৰমণ বন্ধ নকৰে আৰু ইৰাণৰ ওপৰত আৰু অধিক আক্ৰমণ কৰাৰ সম্ভাৱনা আছে।