অতি সোনকালে মধ্যপ্ৰাচ্যত আন এখন যুদ্ধৰ অন্ত পৰাৰ সম্ভাৱনা আছে। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যায়াহুৱে গাজা যুদ্ধৰ অন্ত পেলাবলৈ সন্মত হৈছে। বেঞ্জামিন নেতান্যায়াহু আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে গাজাৰ যুদ্ধ অতি সোনকালে সমাপ্ত কৰি আব্ৰাহাম চুক্তি সম্প্ৰসাৰণ কৰিবলৈ সন্মত হৈছে।
ইজৰাইলৰ প্ৰতিবেদন অনুসৰি, ট্ৰাম্প আৰু নেতান্যায়াহুৱে আলোচনাত উপনীত হৈ গাজাত ইজৰাইল আৰু হামাছৰ মাজত যুদ্ধ দুসপ্তাহৰ ভিতৰত সমাপ্ত হ’ব। ইউ এ ই আৰু ইজিপ্তৰ সহযোগত ইজৰাইলৰ নেতৃত্বত গাজাত এখন চৰকাৰ চলোৱা হ’ব বুলি প্রতিবেদনত দাবী কৰা হৈছে৷
হামাছ গোটক দেশৰ পৰা বহিষ্কাৰ কৰাৰ লগতে পণবন্দী সকলোকে মুকলি কৰি দিয়া হ’ব। কিন্তু আৰব দেশসমূহে বাৰে বাৰে জোৰ দি আহিছে যে যদিহে দুখন ৰাষ্ট্ৰৰ সমাধান হিচাপে গাজাত পেলেষ্টাইন কৰ্তৃপক্ষৰ বাবে ভেটি স্থাপনৰ বাবে চুক্তি নহয়, তেতিয়ালৈকে গাজাত যুদ্ধৰ পিছৰ পুনৰ্বাসনত অংশগ্ৰহণ নকৰে।
হামাছৰ নেতাসকলেও দীৰ্ঘদিন ধৰি বিতাড়নৰ দাবী নাকচ কৰি আহিছে। ২৩ জুনত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যায়াহুৱে ভাষণ দিয়ে। প্ৰতিবেদন অনুসৰি, ছৌদি আৰব-ছিৰিয়াই ইজৰাইলৰ সৈতে কূটনৈতিক সম্পৰ্ক স্থাপন কৰিব আৰু আন মুছলমান দেশসমূহেও একে কাম কৰিব।
২০২৩ চনৰ ৭ অক্টোবৰত হামাছৰ আক্ৰমণৰ পিছত ইজৰাইলে গাজাত সামৰিক অভিযান আৰম্ভ কৰে, যি ২০ মাহতকৈ অধিক সময়ৰ পাছতো অব্যাহত আছে। কাটাৰে ২৪ জুনত গাজাত যুদ্ধবিৰতিৰ নতুন প্ৰচেষ্টা চলাব বুলি কয়। হামাছৰ স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি, ইজৰাইলৰ সামৰিক অভিযানত বৰ্তমানলৈকে কমেও ৫৬,১৫৬ জন লোকৰ মৃত্যু হৈছে।