ইজৰাইল আৰু পেলেষ্টাইনী সন্ত্ৰাসবাদী সংগঠন হামাছৰ মাজত চলি থকা যুদ্ধই অতিক্ৰম কৰিলে প্ৰায় ৯ মাহ। এই যুদ্ধৰ অন্ত পেলাবলৈ দুয়োখন দেশৰ মাজত চলি আছে যুদ্ধবিৰতি আলোচনা। কিন্তু ইয়াৰ মাজতে ইজৰাইলৰ সেনাই মঙলবাৰে গাজাত আক্ৰমণ সংঘটিত কৰি পুনৰ এই যুদ্ধক ইন্ধন যোগাইছে।
মঙলবাৰে ইজৰাইল সেনাই তিনিটা ভিন্ন স্থানত আক্ৰমণ চলাইছিল, য’ত পেলেষ্টাইনৰ ৪৪ জন নাগৰিক নিহত হয়। স্থানীয় চিকিৎসালয়ৰ তৰফৰ পৰা এই তথ্য প্ৰদান কৰা হৈছে। মৃত্যু হোৱা লোকৰ ভিতৰত আছে অধিক সংখ্যক মহিলা আৰু শিশু।
উল্লেখ্য যে গাজাত ইজৰাইল সেনাই বোমা বিস্ফোৰণ কৰা ঠাইবোৰৰ ভিতৰত পেট্ৰ’ল পাম্প আৰু স্কুলো আছে। এই তিনিটা পৃথক আক্ৰমণত বহু পেলেষ্টাইনী নিহত হয়।
এফ পিৰ প্ৰতিবেদন অনুসৰি মাত্ৰ এঘণ্টাৰ ভিতৰতে পেলেষ্টাইনৰ ভূখণ্ডত তিনিটা বিমান আক্ৰমণ সংঘটিত হয়। যাৰ ফলত প্ৰায় ৪৪ জন লোকে প্ৰাণ হেৰুৱায়।