মধ্যপ্ৰাচ্যত অব্যাহত যুদ্ধৰ দাবানল। ইজৰাইলত য়েমেনৰ বিদ্ৰোহী সংগঠন হুতীয়ে পুনৰ আক্ৰমণ চলায়। বুধবাৰে য়েমেনৰ হুতী বিদ্ৰোহীয়ে দাবী কৰে যে, তেওঁলোকে ইজৰাইলৰ ওপৰত বেলিষ্টিক মিছাইল আৰু দুটা ড্ৰ’ন আক্ৰমণ চলায়।
হুতীয়ে কয় যে, এই আক্ৰমণত ১৬ গৰাকী আহত হৈছে। অৱশ্যে ইজৰাইল সেনাই ক্ষেপণাস্ত্ৰ ধ্বংস কৰাৰ লগতে গাজা ষ্ট্ৰিপৰ সমীপৰ দক্ষিণ ইজৰাইলত ছাইৰেন বজোৱাৰ পিছত মুকলি ঠাইত ড্ৰ’ন বাগৰি পৰা বুলি জানিবলৈ দিয়ে।
শেহতীয়াকৈ টেল আভিভত সংঘটিত এই আক্ৰমণৰ কেইদিনমান পিছতে এই আক্ৰমণ সংঘটিত হৈছে। এই ক্ষেত্ৰত হুতী সেনাই কয় যে, তেওঁলোকৰ ড্ৰ’ন বাহিনীয়ে ইজৰাইলৰ বাণিজ্যিক কেন্দ্ৰ টেল আভিভ আৰু দক্ষিণৰ আচকেলন চহৰক লক্ষ্য কৰি দুটা সামৰিক আক্ৰমণ চলাইছিল। টেল আভিভক লক্ষ্য কৰি এই ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰা হৈছিল যদিও ইজৰাইলে কয় যে, এই ক্ষেপণাস্ত্ৰ অঞ্চলটোত প্ৰৱেশ কৰাৰ আগতেই নিক্ষেপ কৰা হৈছিল।
এই আক্ৰমণত ব্যৱহৃত ক্ষেপণাস্ত্ৰ সন্দৰ্ভত হুতী সেনাই কয় যে, এই আক্ৰমণত হাইপাৰছনিক বেলিষ্টিক মিছাইল পেলেষ্টাইন ২ ব্যৱহাৰ কৰা হৈছে। এবছৰতকৈও অধিক পূৰ্বে গাজাত যুদ্ধ আৰম্ভ হোৱাৰ পিছৰে পৰা ইৰাণ সমৰ্থিত হুতী বিদ্ৰোহীয়ে পেলেষ্টাইনীসকলৰ সমৰ্থনত ইজৰাইললৈ বাৰে বাৰে ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰি আহিছে।
শনিবাৰে টেল আভিভত সংঘটিত আক্ৰমণত ১৬ জন লোক আহত হৈছিল। ইয়াৰ পিছত ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে হুতীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব বুলি সকীয়াই দিয়ে। শেহতীয়াকৈ হুতী বিদ্ৰোহীৰ আক্ৰমণৰ পিছত ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতানিয়াহুৱে এটা ভিডিঅ’ প্ৰকাশ কৰি কয় যে, তেওঁলোকে হুতীৰ বিৰুদ্ধে বল, দৃঢ়তা আৰু কৌশলেৰে ব্যৱস্থা গ্ৰহণ কৰিব।