ৰাজস্থানৰ জয়ছালমেৰত সংঘটিত হৈছে এক শিহৰণকাৰী ঘটনা। পথৰ মাজতেই এখন যাত্ৰীবাহী বাছত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। এই ঘটনাত কমেও ২০ গৰাকী লোকৰ মৃত্যু হোৱাৰ আশংকা কৰা হৈছে।
জয়ছালমেৰৰ পৰা যোধপুৰ অভিমুখী বাছখনত ৫০ৰো অধিক যাত্ৰী থকা বুলি জানিব পৰা গৈছে। অগ্নিকাণ্ডৰ ফলত বাছখনত থকা প্ৰায়বোৰ যাত্ৰীয়ে বেয়াকৈ অগ্নিদগ্ধ হয় আৰু ইয়াৰে ২০ জন যাত্ৰীৰ মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে। ইয়াৰ ভিতৰত আছে তিনিটা শিশু আৰু চাৰিগৰাকী মহিলা।
মঙলবাৰে দুপৰীয়া প্ৰায় ৩.৪০ মিনিটত এই কৰুণ ঘটনাটো সংঘটিত হয়। এই পৰ্যন্ত বাছখনত কি কাৰণত জুই লাগিছিল সেয়া জানিব পৰা হোৱা নাই।
ইফালে এই ঘটনাৰ দুখ প্ৰকাশ কৰি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ভজনলাল শৰ্মাই জিলাখনৰ শীৰ্ষ বিষয়াৰ সৈতে ফোনযোগে কথা পাতি পৰিস্থিতিৰ বুজ লয়।