ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় কৰা কাৰ্য অব্যাহত ৰখাত ক্ষুণ্ণ হৈ ভাৰতীয় সামগ্ৰীৰ ওপৰত আমেৰিকাই ৫০ শতাংশ শুল্ক আৰোপ কৰা সন্দৰ্ভত শনিবাৰে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে।
এছ জয়শংকৰে আমেৰিকাৰ কাৰ্যক অনুপযুক্ত বুলি মন্তব্য কৰি কয় যে ৱাশ্বিংটনৰ সৈতে বাণিজ্যিক আলোচনা চলি আছে যদিও কিছুমান সীমাবদ্ধতা আছে যিবোৰ নতুন দিল্লীয়ে ৰক্ষা কৰিব লাগিব।
উল্লেখ্য যে, ৰাছিয়াৰ তেল ক্ৰয় বন্ধ নকৰাৰ বাবে আমেৰিকাই ভাৰতীয় সামগ্ৰীৰ ওপৰত ৫০ শতাংশ পৰ্যন্ত অতিৰিক্ত শুল্ক আৰোপ কৰিছে, যিটো ৱাশ্বিংটনে এতিয়ালৈকে আৰোপ কৰা সৰ্বোচ্চ শুল্কৰ ভিতৰত অন্যতম। ইতিমধ্যে ২৫ শতাংশ শুল্ক কাৰ্যকৰী কৰা হৈছে আৰু বাকী ২৫ শতাংশ শুল্ক ২৭ আগষ্টৰ পৰা কাৰ্যকৰী হ’বলৈ গৈ আছে।
বৈদেশিক মন্ত্ৰী জয়শংকৰে লগতে কয়, ‘চৰ্চা চলি আছে যে আমি যুদ্ধৰ বাবে ধন দিছো আৰু বিনিয়োগ কৰিছো, কিন্তু প্ৰকৃত সত্যটো হ’ল ভাৰততকৈ ৰাছিয়াৰ সৈতে ইউৰোপীয় বাণিজ্য বহু ডাঙৰ। যদি আমি শক্তিৰ কথা কওঁ, তেন্তে তেওঁলোক (ইউৰোপীয় ইউনিয়ন) ডাঙৰ ক্ৰেতা। যদি ই এটা যুক্তি হয় যে কোন ডাঙৰ ব্যৱসায়ী, তেন্তে তেওঁলোক আমাতকৈ ডাঙৰ। ৰাছিয়ালৈ ভাৰতৰ ৰপ্তানি বৃদ্ধি পাইছে, কিন্তু ইমান নহয়।’
ভাৰতীয় সামগ্ৰীৰ ওপৰত আমেৰিকাই ৫০ শতাংশ শুল্ক আৰোপ কৰাৰ বিষয়ত জয়শংকৰে কয় যে যিকোনো বাণিজ্যিক আলোচনাত ঘৰুৱা কৃষকৰ স্বাৰ্থ সৰ্বোচ্চ।