জম্মু-কাশ্মীৰৰ অনন্তনাগ জিলাৰ এটা দুৰ্গম অঞ্চলৰ এখন বনাঞ্চলত সন্ত্ৰাসবাদীৰ সৈতে হোৱা সংঘৰ্ষত ভাৰতীয় সেনাৰ দুজন জোৱান থিতাতে নিহত হয়। লগতে, তিনিজন সাধাৰণ লোক আহত হয়। ঘটনাক কেন্দ্ৰ কৰি বৰ্তমান অঞ্চলটোত উত্তেজনা অব্যাহত আছে।
উল্লেখ্য যে, কোকেৰনাগৰ ঘন জংঘলৰ ভিতৰত প্ৰায় ১৫ কিলোমিটাৰ দূৰত্বত সংঘটিত এনকাউণ্টাৰত কনিষ্টবল দীপক কুমাৰ যাদৱ আৰু লেন্স নাইক প্ৰবীণ শৰ্মাই কৰ্তব্যৰত অৱস্থাতেই প্ৰাণ আহুতি দিয়ে।আনহাতে. শনিবাৰে সংঘটিত হোৱা এই গুলীচালনাৰ ঘটনাত আহত হোৱা এজন সাধাৰণ নাগৰিকে চিকিৎসালয়তে মৃত্যুবৰণ কৰে।এই সমগ্ৰ ঘটনা সন্দৰ্ভত ভাৰতীয় সেনা প্ৰধান জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে এক বিবৃতিৰ জৰিয়তে কয় যে, “ভাৰতীয় সেনাৰ আটাইকেইটা ৰেংকে দুয়োজন সাহসী জোৱানৰ পৰম ত্যাগক সশ্ৰদ্ধ প্ৰণাম জনাইছো। এই ঘটনাক লৈ সেনাই গভীৰ শোক প্ৰকাশ কৰিছে আৰু লগতে শোকসন্তপ্ত পৰিয়ালসমূহৰ সৈতে দৃঢ়তাৰে থিয় দিয়াৰ কথা স্পষ্টভাৱে উল্লেখ কৰিছে।”
ইফালে, জোৱানৰ মৃত্যুত শোক প্ৰকাশ কৰি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয়, “অনন্তনাগৰ কোকেৰনাগত সন্ত্ৰাসবাদ বিৰোধী অভিযানত আমাৰ সাহসী আৰু নিৰ্ভীক ভাৰতীয় সেনা জোৱানক হেৰুৱাই গভীৰভাৱে দুখী। নিহত শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ মোৰ আন্তৰিক সমবেদনা। সমগ্ৰ দেশে এই দুখৰ সময়ত তেওঁলোকৰ পৰিয়ালবৰ্গৰ লগত দৃঢ়ভাৱে থিয় দিছে।”
সূত্ৰই নিশ্চিত কৰা অনুসৰি, জৈইছ উগ্ৰপন্থীৰ এটা দলে পাহাৰৰ উচ্চতাত থকা এটা জুপুৰীত আশ্ৰয় লৈ আছিল । অনুসন্ধানকাৰী আৰক্ষীৰ গতিবিধিৰ প্ৰতি লক্ষ্য ৰাখি উগ্ৰপন্থীয়ে প্ৰথমে অনুসন্ধানকাৰী আৰক্ষীক উদ্দেশ্যি গুলী নিক্ষেপ কৰে। বৰ্তমান উগ্ৰপন্থীৰ পলায়নৰ পথ বিচ্ছিন্ন কৰিবলৈ এতিয়া একাধিক দিশৰ পৰা ভাৰতীয় সেনাই অভিযান আৰম্ভ কৰিছে। এই সংঘৰ্ষত দুজন জোৱান কৰ্মীত নিহত আৰু আন ৩ জন স্থানীয় বাসিন্দা আহত হৈছে। অভিযানত আহত দুজন সাধাৰণ নাগৰিকৰ ভিতৰত এজন আঘাতপ্ৰাপ্ত হৈ মৃত্যুবৰণ কৰে।