‘অʼ যাদৱ উঠা বনমালী,
ত্ৰিজগতৰ পতি হেʼ।।
হিন্দু ধৰ্মৰ অন্যতম ধৰ্মীয় উৎসৱ জন্মাষ্টমী। শ্ৰীকৃষ্ণৰ জন্মাষ্টমীক কৃষ্ণাষ্টমী, গকুলাষ্টমী, অষ্টমী ৰোহিণী, শ্ৰীকৃষ্ণ জয়ন্তী আদি নামেৰেও জনা যায়। জন্মাষ্টমী হৈছে ভগৱান বিষ্ণুৰ অষ্টম অৱতাৰ শ্ৰীকৃষ্ণৰ জন্মোৎসৱ। ‘জন্মাষ্টমী’ শব্দটো “জন্ম” আৰু “অষ্টমী” শব্দৰ পৰা আহিছে, যাৰ অৰ্থ হ’ল “অষ্টম দিনত জন্ম”। কৃষ্ণ দৈৱকী আৰু বাসুদেৱৰ অষ্টম সন্তান আছিল।
শ্ৰীমদ্ভাগৱতত উল্লেখ থকা অনুসৰি ভগৱান শ্ৰীকৃষ্ণৰ জন্ম ভাদ মাহৰ কৃষ্ণ পক্ষৰ ৰোহিনী নক্ষত্ৰৰ অষ্টমী তিথিত হৈছিল৷ কিন্তু কালচক্ৰ পূৰ্ণাংগ পঞ্জিকা অনুসৰি অসমত ভাদ মাহৰ কৃষ্ণপক্ষৰ অষ্টমী তিথিতহে জন্মাষ্টমী পালন কৰাৰ নিয়ম আছে৷ অসমত শাওণ মাহত জন্মাষ্টমী পালন কৰা নহয়৷ সেয়ে অসমত ২৮ ভাদত আৰু ইংৰাজী তাৰিখ অনুসৰি ১৪ ছেপ্তেম্বৰ অৰ্থাৎ আজি সমগ্ৰ অসমবাসীয়ে অতি উলহ-মালহেৰে উদযাপন কৰিব কৃষ্ণ জন্মাষ্টমী৷
এই দিনটোত কৃষ্ণক আৰাধনা কৰি ভক্তসকল আনন্দত আপোন পাহৰা হৈ থাকে। মথুৰা, বৃন্দাবন আদিৰ লগতে বহু ঠাইত কৃষ্ণৰ জন্ম উপস্থাপন কৰি নাটক, ভাওনা আদি কৰা হয়। এই উৎসৱ অধৰ্মৰ ওপৰত ধৰ্মৰ জয়ৰ উৎসৱ।
শিশু কৃষ্ণৰ গুণ-গৰিমা, বন্দনাৰে মুখৰিত হৈছে চৌদিশ৷ ভগৱান শ্ৰীকৃষ্ণৰ গুণানুকীৰ্তনৰ বাবে ৰাজ্যৰ সত্ৰ–নামঘৰ সমূহত ভকত–বান্ধৱৰ ভিৰ আৰম্ভ হৈছে। ভক্তি ৰসৰ অমিয়া সুৰেৰে জীপাল হৈ পৰিছে উজনি–নামনি। ভগৱান বিষ্ণুৰ শ্ৰেষ্ঠ অৱতাৰ শ্ৰীকৃষ্ণৰ জন্মদিন উপলক্ষে প্ৰান্তে প্ৰান্তে অনুষ্ঠিত কৰা হৈছে ধৰ্মীয় কাৰ্যসূচীৰ।
জন্মাষ্টমী উপলক্ষে ভক্তসকলে প্ৰভূক ভোগ হিচাপে তেওঁৰ প্ৰিয় খাদ্য সামগ্ৰী যেনে মাখন, মিশ্ৰী মিঠাই, শুকান ফল, লাড়ু আদি আগবঢ়ায়৷ এইবোৰৰ উপৰিও ভক্তসকলে মন্দিৰত ভগৱানৰ আটাইতকৈ প্ৰিয় খাদ্য সামগ্ৰী, বস্ত্ৰ, গহনা আদিও আগবঢ়োৱা দেখা যায় ৷