উপ-নিৰ্বাচনৰ ধলাইত ভয়ৰ ৰাজনীতি আৰম্ভ কৰিছে কাছাৰৰ অভিভাৱক মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই। সংখ্যালঘু ভোটাৰক ভয় দেখুৱাই এতিয়া ভোট আদায়ত নামিছে মন্ত্ৰীগৰাকী।
দুদিন পূৰ্বে ধলাইৰ ভাগা বজাৰত নিৰ্বাচনী সভাত বিজেপিক ভোট নিদিলে ব্যৱসায় বন্ধ কৰি দিম বুলি ধলাইৰ সংখ্যালঘু ভোটাৰক ভয় ভাবুকি প্ৰদান কৰিছিল মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই। আৰু এইবাৰ পুনৰ ধলাইৰ সংখ্যালঘু অধ্যুষিত এলেকাত বিজেপি প্ৰাৰ্থীৰ প্ৰচাৰ চলাবলৈ গৈ সংখ্যালঘু ভোটাৰক ভয় ভীতি দেখুৱালে মন্ত্ৰী গৰাকীয়ে।
এইবাৰ ধলাইৰ সংখ্যালঘু ভোটাৰক অৰুণোদয় আৰু ৰেচন কাৰ্ডৰ ভয় দেখুৱালে মন্ত্ৰী জয়ন্ত মল্লই।
ধলাইৰ জামালপুৰত আয়োজিত বিজেপিৰ এক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কয় যে, বিজেপিক ভোট দিলে অৰুণোদয় আৰু ৰেচন কাৰ্ড দিম, ভোট নিদিলে অৰুণোদয় আৰু ৰেচন কাৰ্ড নিদিও ৷ জামালপুৰৰ ৰাইজে যদি বিজেপিক চাৰি হাজাৰৰ অধিক ভোট নিদিয়ে তেনেহ’লে জামালপুৰৰ অৰুণোদয় আৰু ৰেচন কাৰ্ডৰ ফাইলত মই চহী নকৰিম। কাৰণ মই অভিভাৱক মন্ত্ৰী, মোৰ চহী অবিহনে কোনেও অৰুণোদয় নাপায়।
অৰুণোদয় আৰু ৰেচন কাৰ্ডৰ ভয় দেখুৱাই জামালপুৰৰ ৰাইজক প্ৰকাশ্য সভাত হাঁহি হাঁহি একপ্ৰকাৰ ভাবুকি প্ৰদান কৰে মন্ত্ৰী গৰাকীয়ে।