মঙলবাৰে পুৱা ঝাৰখণ্ডৰ দেওঘৰত সংঘটিত হয় এক বৃহৎ দুৰ্ঘটনা। ইয়াত এখন বাছ আৰু এখন ট্ৰাকৰ সংঘৰ্ষ। এই সংঘৰ্ষত ১৮ জন ভক্ত নিহত হৈছে। একে সময়তে ৩০ৰো অধিক যাত্ৰী আহত হৈছে।
হান্সদিহা পথৰ মোহনপুৰ ব্লকৰ যমুনিয়া চ’কৰ সমীপত এখন বাছ আৰু ট্ৰাকৰ দুৰ্ঘটনা সংঘটিত হয়। ইতিমধ্যে আহতসকলক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। একে সময়তে আৰক্ষী আৰু প্ৰশাসনৰ দলো সেই স্থানত উপস্থিত হয়। বৰ্তমানেও সাহায্য আৰু উদ্ধাৰৰ কাম চলি আছে। বাবা বৈদ্যনাথ মন্দিৰত পূজা কৰিবলৈ গৈ আছিল বাছত থকা লোকসকলে। কোৱা হৈছে যে চালকজনে টোপনি যোৱাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হৈছে।
এই দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰিছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হেমন্ত ছ’ৰেনে। তেওঁ সমাজিক মাধ্যমত লিখিছে যে, দেওঘৰৰ মোহনপুৰ ব্লকৰ যমুনিয়া চ’কৰ সমীপত সংঘটিত বাছ দুৰ্ঘটনাত ভক্তৰ মৃত্যুৰ খবৰ অতি দুখজনক। জিলা প্ৰশাসনে ইতিমধ্যে আহতসকলক সাহায্য আৰু উদ্ধাৰৰ লগতে চিকিৎসাৰ সুবিধা প্ৰদান কৰিছে।