ঝাৰখণ্ড নিৰ্বাচনৰ বাবে কংগ্ৰেছ নেতৃত্বাধীন ইণ্ডিয়া মিত্ৰজোঁটে আজি নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰে। বিৰোধী মিত্ৰজোঁটৰ এই ইস্তাহাৰত প্ৰতিশ্ৰুতি দিয়া হৈছে যে মহিলাসকলক প্ৰতিমাহে ২৫০০ টকা দিয়া হ’ব। অৰ্থাৎ বছৰি ৩০ হাজাৰ টকা।
ইয়াৰ সমান্তৰালকৈ ৰাজ্যত ৪৫০ টকাত চিলিণ্ডাৰ আৰু সাৰনা ধৰ্ম ক’ড প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়া হৈছে। দৰিদ্ৰ পৰিয়ালক ৰেচন দিয়াৰ প্ৰতিশ্ৰুতিও দিয়া হৈছে, য’ত প্ৰতিজন ব্যক্তিক সাত কেজি ৰেচন দিয়া হ’ব।
কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে মঙলবাৰে সন্ধিয়া আনুষ্ঠানিকভাৱে এই ইস্তাহাৰ প্ৰকাশ কৰে। কংগ্ৰেছ, জেএমএম, আৰজেডি আৰু চিপিআই-এমৰ যৌথভাৱে ঝাৰখণ্ডৰ ৰাঁচিত ইস্তাহাৰ জাৰি কৰি জনসাধাৰণৰ আগত সাতটা ডাঙৰ আৰু গুৰুত্বপূৰ্ণ প্ৰতিশ্ৰুতি প্ৰদান কৰে।
এই উপলক্ষে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে, মুখ্যমন্ত্ৰী হেমন্ত চোৰেনৰ লগতে মিত্ৰজোঁটৰ সকলো ডাঙৰ নেতা উপস্থিত থাকে।
ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ বাবে দিয়া ডাঙৰ প্ৰতিশ্ৰুতি
১.প্ৰতিজন ব্যক্তিৰ বাবে ৭ কেজি ৰেচন আৰু প্ৰতিমাহে ৪৫০ টকা মূল্যৰ এল পি জি চিলিণ্ডাৰ।
২. সংৰক্ষণ এছটি ২৮%, অনুসূচিত জাতি ১২%, অবিচি ২৭%
৩. মহিলাক প্ৰতিমাহে ২৫০০ টকা।
৪. সাৰনা ধৰ্ম ক’ড।
৫. ১০ লাখ চৰকাৰী চাকৰি, ১৫ লাখৰ স্বাস্থ্য বীমা।
৬. ধানৰ এম এছ পি প্ৰতি কুইণ্টলত ৩২০০ টকা।
৭. প্ৰতিখন জিলাতে এখনকৈ অভিযান্ত্ৰিক মহাবিদ্যালয়, চিকিৎসা মহাবিদ্যালয় আৰু এখন বিশ্ববিদ্যালয়।
উল্লেখ্য যে, ঝাৰখণ্ডত কংগ্ৰেছে ঝাৰখণ্ড মুক্তি মৰ্চা আৰু ৰাষ্ট্ৰীয় জনতা দলৰ সৈতে মিত্ৰতা কৰি নিৰ্বাচনত অৱতীৰ্ণ হৈছে। ইয়াত মুঠ ৮১খন বিধানসভাৰ আসন আছে, ইয়াৰে কংগ্ৰেছে ৩০খন আসনত প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ বিপৰীতে ঝাৰখণ্ড মুক্তি মৰ্চাই ৪০খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছে। ইয়াৰ সমান্তৰালকৈ আৰজেডিয়ে ৭খন আসনত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে।