সংকটজনক অৱস্থাত ঝাৰখণ্ডৰ শিক্ষামন্ত্ৰী ৰামদাস ছোৰেণক বিমানযোগে দিল্লীৰ এখন আগশাৰীৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছে। শনিবাৰে পুৱা নিজ বাসগৃহৰ বাথৰুমত বাগৰি পৰাৰ ফলত মূৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। ঘটনাৰ ফলত মন্ত্ৰী ছোৰেণৰ মূৰত তেজ জমা হয় আৰু অৱস্থা কিছু জটিল হৈ পৰে।
শিক্ষামন্ত্ৰী ৰামদাসক প্ৰথমে জামছেদপুৰৰ টাটা হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। ইয়াত প্ৰাথমিক চিকিৎসা দিয়াৰ পিছত চিকিৎসকে তেওঁক উন্নত চিকিৎসাৰ বাবে দিল্লীলৈ প্ৰেৰণ কৰে। লগে লগে তেওঁক বিমানেৰে দিল্লীলৈ প্ৰেৰণ কৰা হয়।
বৰ্তমান তেওঁৰ স্বাস্থ্যৰ অৱস্থা নিৰীক্ষণ কৰি চিকিৎসকৰ এটা দলে তেওঁৰ যতন লৈ আছে। ঝাৰখণ্ড চৰকাৰে এই ঘটনাক লৈ উদ্বেগ প্ৰকাশ কৰি তেখেতৰ আশু আৰোগ্য কামনা কৰিছে।
উল্লেখ্য যে, ৰামদাস ছোৰেণ ঝাৰখণ্ড মুক্তি মৰ্চাৰ এগৰাকী জ্যেষ্ঠ নেতা তথা কোলহান সমষ্টিৰ বিধায়ক।