আজি অন্ত পৰিল ঝাৰখণ্ডৰ দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ বিধানসভা নিৰ্বাচন। নিয়োগ, উন্নয়ন, মুল্যবৃদ্ধি, দুৰ্নীতি, পৰিয়ালবাদ, অনুপ্ৰৱেশ আদি বিষয়ক লৈ নিৰ্বাচনত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলৰ ভাগ্য এতিয়া ইভিএমত বন্দী।
২৩ নৱেম্বৰত এই নিৰ্বাচনৰ ফলাফল ঘোষণা হ’ব যদিও তাৰ পূৰ্বেই প্ৰকাশ পালে এগজিট প’ল। এগজিট প’ল অনুসৰি কোন দলে গঠন কৰিব চৰকাৰ জানো আহক।
ঝাৰখণ্ডত মূল যুঁজ এন ডি এ (বিজেপি, আজেছু, জেডিইউ, এলজেপি) বনাম ইণ্ডিয়া এলায়েন্স (জেএমএম, কংগ্ৰেছ, আৰজেডি, চিপিআই-এমএল)।
ভোটগ্ৰহণ অন্ত পৰাৰ পিছতেই প্ৰকাশ পোৱা MATRIZE ৰ এগজিট প’ল অনুসৰি ঝাৰখণ্ডত পতন ঘটিব হেমন্ত চোৰেন নেতৃত্বাধীন জেএমএমৰ চৰকাৰ। ৰাজ্যখনত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে চৰকাৰ গঠন কৰাৰ ইংগিত প্ৰদান কৰিছে।
MATRIZEৰ এগজিট প’ল অনুসৰি, বিজেপি মিত্ৰজোঁটক ৪২ৰ পৰা ৪৭খন আসন আৰু কংগ্ৰেছ মিত্ৰজোঁটক ২৫ৰ পৰা ৩০খন আসন প্ৰদান কৰিছে। অন্যান্যক এখনৰ পৰা চাৰিখন আসন দিয়া হৈছে।
ইফালে আন বহু কেইটা সংস্থাই প্ৰকাশ কৰা এগজিট প’লতো ঝাৰখণ্ডত হেমন্ত চোৰেন নেতৃত্বাধীন জেএমএম চৰকাৰৰ এইবাৰ পতন ঘটাৰ ইংগিত প্ৰদান কৰিছে। অধিকাংশ এগজিট প’লে ঝাৰখণ্ডত বিজেপি মিত্ৰজোঁটৰ চৰকাৰ হ’ব বুলি কোৱা হৈছে।
আনহাতে এক্সিছ মাই ইণ্ডিয়াৰ এগজিট প’ল অনুসৰি ঝাৰখণ্ডত পুনৰবাৰ জেএমএমৰ নেতৃত্বত কংগ্ৰেছ চৰকাৰ গঠন হ’ব বুলি ইংগিত দিছে। এই সংস্থাটোৰ মতে কংগ্ৰেছ মিত্ৰজোঁটে লাভ কৰিব পাৰে ৫৩খন আসন। বিজেপি মিত্ৰজোঁটে লাভ কৰিব পাৰে ২৫ খন আসন। অন্যান্যই তিনিখন আসন লাভ কৰাৰ ইংগিত প্ৰদান কৰিছে।
ইফালে যদি ২০১৯ৰ বিধানসভা নিৰ্বাচনৰ ফলাফল চাওঁ তেন্তে তথ্যৰ পৰা এটা কথা স্পষ্ট হয় যে বিজেপিয়ে অধিক শতাংশ ভোট কৰাৰ পিছতো চৰকাৰ গঠন কৰিব পৰা নাছিল। ৩৩.৩৭ শতাংশ ভোট লাভ কৰাৰ পাছতো মাত্ৰ ২৫খন আসন লাভ কৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে জে এম এম ১৮.৭২ শতাংশ ভোটৰ অংশীদাৰিত্ব লাভ কৰাৰ পিছতো ৩০খন আসন লাভ কৰিবলৈ সক্ষম হৈছিল।
এনে পৰিস্থিতিত ভোটৰ ভাগবতৰাৰ ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ। জেএমএমৰ মিত্ৰ দল কংগ্ৰেছে ১৬খন আসন লাভ কৰিছিল আৰু ভোটৰ পাৰ্চেণ্টেজ আছিল ১৩.৮৮ শতাংশ।
ঝাৰখণ্ড বিধানসভাৰ দ্বিতীয় আৰু অন্তিম পৰ্যায়ৰ নিৰ্বাচনত বুধবাৰে সন্ধিয়া ৫ বজালৈকে প্ৰায় ৬৮ শতাংশ ভোটাৰে ৩৮টা সমষ্টিত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে।