১৩ আৰু ২০ নৱেম্বৰত ঝাৰখণ্ড আৰু মহাৰাষ্ট্ৰত অনুষ্ঠিত হৈ যোৱা বিধানসভা নিৰ্বাচনৰ চলি আছে ভোটগণনা। ২৮৮ খন আসনযুক্ত মহাৰাষ্ট্ৰ আৰু ৮১ খন আসনযুক্ত ঝাৰখণ্ডত প্ৰাৰম্ভিক ধাৰাত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট আগবাঢ়ি আছে।
শেহতীয়াকৈ লাভ কৰা তথ্য অনুসৰি, ঝাৰখণ্ডত শাসক আৰু বিৰোধীৰ মাজত তীব্ৰ যুঁজ হোৱা পৰিলক্ষিত হৈছে। ৰাজ্যখনত এন ডি এ ৩১ খন আসনত আগবাঢ়ি থকাৰ বিপৰীতে কংগ্ৰেছ নেতৃত্বাধীন মিত্ৰজোঁটেও ৩১ খন আসনত আগবাঢ়ি আছে। আনহাতে অন্যান্যই এখন আসনত আগবাঢ়ি আছে।
ইফালে সকলোৰে দৃষ্টি নিৱদ্ধ থকা মহাৰাষ্ট্ৰত এন ডি এ ১০১ খন আসনত আগবাঢ়ি থকাৰ বিপৰীতে বিৰোধী মিত্ৰজোঁটে ৫০ খন আসনতহে আগবাঢ়ি আছে। এয়া প্ৰাৰম্ভিক তথ্য যদিও কিছু সময়ৰ পিছতেই ছবি স্পষ্ট হৈ পৰিব।
উল্লেখ্য যে, মহাৰাষ্ট্ৰত শাসকীয় মহাযুটী আৰু বিৰোধী মিত্ৰজোঁট মহাবিকাশ আঘাড়ীৰ সৈতে প্ৰত্যক্ষ যুঁজ হ’ব। দুয়োটা পক্ষই নিজ নিজ জয়ৰ দাবী কৰিছে যদিও প্ৰাৰম্ভিক ধাৰাত দুয়োখন ৰাজ্যতে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট আগবাঢ়ি থকা পৰিলক্ষিত হৈছে।
এই দুখন ৰাজ্যৰ লগতে আজি দেশৰ ১৫খন ৰাজ্যৰ ৪৮টা বিধানসভা সমষ্টি আৰু দুখন লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ফলাফলো প্ৰকাশ পাব। বিশেষকৈ কেৰালাৰ ৱায়ানাদ লোকসভা আসনখনৰ ওপৰত দৃষ্টি নিৱদ্ধ আছে জনতাৰ। এই আসনখনত প্ৰথমবাৰৰ প্ৰত্যক্ষ ৰাজনীতিত ভৰি দিয়া গান্ধী পৰিয়ালৰ কন্যা প্ৰিয়ংকা গান্ধীয়ে নিজৰ ভাতৃ ৰাহুল গান্ধীৰ দূৰ্গ অক্ষুন্ন ৰখাত সফল হয় নে নাই সেয়া আজি স্পষ্ট হ’ব।