ইংলেণ্ডৰ অনুভৱী বেটাৰ জো ৰুটে টেষ্ট ক্ৰিকেটত আন এক বিশেষ মাইলষ্ট’নত উপনীত হৈছে। টেষ্ট ক্ৰিকেটত অৰ্ধশতক বা তাতোকৈ অধিক ৰান সংগ্ৰহ কৰা বেটাৰৰ তালিকাত নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম হৈছে ৰুটে।
টেষ্ট ক্ৰিকেট কেৰিয়াৰত জো ৰুটে এই পৰ্যন্ত ১০৪ বাৰ ৫০ বা তাতোকৈ অধিক ৰানৰ ইনিংছ খেলিছে। এই ফৰ্মেটত ৫০ বা তাতোকৈ অধিক ৰানৰ ইনিংছ খেলা বেটাৰৰ তালিকাত দ্বিতীয় স্থানত উপনীত হৈছে।
এই তালিকাৰ শীৰ্ষ স্থানত আছে ভাৰতীয় ক্ৰিকেট দলৰ কিম্বদন্তী শচীন তেণ্ডুলকাৰ। শচীনে টেষ্ট কেৰিয়াৰত ১১৯ বাৰ ৫০ বা তাতোকৈ অধিক ৰানৰ ইনিংছ খেলিছিল। তৃতীয় স্থানত আছে ৰিকি পন্টিং (১০৩), আৰু চতুৰ্থ স্থানত দক্ষিণ আফ্ৰিকাৰ জেক কালিছ(১০৩) আৰু পঞ্চম স্থানত আছে ৰাহুল দ্ৰাবিড় (৯৯)।
টেষ্ট ক্ৰিকেটত সৰ্বাধিক ৫০+ স্ক’ৰ
শচীন তেণ্ডুলকাৰ – ১১৯
জো ৰুট – ১০৪*
ৰিকি পন্টিং – ১০৩
জেক কালিছ – ১০৩
ইফালে ইংলেণ্ডৰ অনুভৱী বেটছমেন জো ৰুটে অ’ল্ড ট্ৰেফৰ্ড ক্ৰিকেট খেলপথাৰত ১০০০ টেষ্ট ৰান সম্পূৰ্ণ কৰা প্ৰথমজন খেলুৱৈ হিচাপে পৰিগণিত হৈছে। লৰ্ডছত ২১৬৬ ৰান সংগ্ৰহ কৰি এলেষ্টাৰ কুক আৰু গ্ৰেহাম গুচৰ পিছত (দুয়োজনে লৰ্ডছ আৰু দ্য অ’ভেলত) দুখন ভিন্ন খেলপথাৰত ১০০০ৰো অধিক টেষ্ট ৰান সংগ্ৰহ কৰা ৰুট তৃতীয়জন ইংলেণ্ডৰ বেটছমেন হিচাপে পৰিগণিত হৈছে।
আনহাতে, টেষ্ট ক্ৰিকেটত সৰ্বাধিক ৰান সংগ্ৰহ কৰাৰ ক্ষেত্ৰতো ৰুটে জেক কালিছ, ৰাহুল দ্ৰাবিড়ৰ দৰে কিম্বদন্তী ক্ৰিকেটাৰক চেৰ পেলায়।
ভাৰতৰ বিৰুদ্ধে চলি থকা টেষ্ট শৃংখলাৰ চতুৰ্থখন মেচৰ দ্বিতীয় দিনা এই বিশেষ কৃতিত্বৰ অধিকাৰী হয় ৰুট। এই সময়ছোৱাত ৰুটে টেষ্ট কেৰিয়াৰৰ ৩৮ সংখ্যক শতকো সম্পূৰ্ণ কৰে। সম্প্ৰতি তেওঁ অপৰাজিত হৈ ক্ৰিজত আছে।