দক্ষিণ আফ্ৰিকাৰ জোহান্সবাৰ্গত ২১ ডিচেম্বৰত সংঘটিত হয় এক নৃশংস গুলীচালনাৰ ঘটনা। দক্ষিণ আফ্ৰিকাৰ স্থানীয় সংবাদ মাধ্যমে জনোৱা মতে, জোহান্সবাৰ্গৰ পশ্চিমে থকা বেকাৰছডাল টাউনশ্বিপত সংঘটিত হোৱা গুলীচালনাত ৯ জনকৈ লোকৰ মৃত্যুৰ আশংকা কৰা হৈছে। গুলীচালনাৰ পিছতে আৰক্ষীয়ে অঞ্চলটোত নিৰাপত্তা বৃদ্ধি কৰিছে।
তথ্য অনুসৰি, ২১ ডিচেম্বৰত জোহান্সবাৰ্গত সংঘটিত হোৱা গণ গুলীচালনাত কমেও ৯ জন লোক নিহত হোৱাৰ লগতে কেইবাজনো লোক আহত হয়। খবৰ অনুসৰি বন্দুকধাৰীয়ে এখন অবৈধ সুৰাৰ দোকানত প্ৰৱেশ কৰি ৰাইজৰ ওপৰত কোনো সতৰ্কবাণী অবিহনে গুলীচালনা কৰি আতংক আৰু বিশৃংখলতাৰ সৃষ্টি কৰে। প্ৰথম অৱস্থাত এই গুলীচালনাত ১০ জন লোক নিহত হোৱাৰ খবৰ পোৱা গৈছিল।
আৰক্ষী আহি পোৱাৰ পূৰ্বেই আক্ৰমণকাৰীয়ে পলায়ন কৰে। ঘটনাৰ খবৰ পোৱাৰ লগে লগে জৰুৰীকালীন সেৱাই আহতসকলক ওচৰৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰে। গুলীচালনাত আহত হোৱা একাংশৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে এই আক্ৰমণৰ তদন্ত আৰম্ভ কৰিছে যদিও কোনো সন্দেহযুক্ত লোক বা উদ্দেশ্য চিনাক্ত কৰা হোৱা নাই। অনুমান কৰা হৈছে যে গুলীচালনাত মৃত্যু হোৱা লোকৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে।
দক্ষিণ আফ্ৰিকাত চলিত মাহত এইটো দ্বিতীয়টো বৃহৎ গুলীচালনাৰ ঘটনা। শেহতীয়া ঘটনাই দেশৰ নিৰাপত্তা পৰিস্থিতিক লৈ প্ৰশ্ন উত্থাপন কৰিছে। বেকাৰছডাল টাউনশ্বিপত অবৈধ মদ পৰিবেশন কৰা হৈছিল। মন কৰিবলগীয়া যে, ইয়াৰ পূৰ্বে ডিচেম্বৰ মাহত দক্ষিণ আফ্ৰিকাৰ ৰাজধানী প্ৰিট’ৰিয়াৰ ওচৰত গুলীচালনাৰ কাণ্ড সংঘটিত হৈছিল, য’ত হোষ্টেলত বন্দুকৰ আক্ৰমণত তিনি বছৰীয়া শিশুকে ধৰি ১২ জন লোক নিহত হৈছিল।










