চট্টীশগড়ৰ সাংবাদিক মুকেশ চন্দ্ৰাকৰ হত্যাকাণ্ডৰ সৈতে জড়িত তিনিজন লোকক শনিবাৰে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। গ্ৰেপ্তাৰ হোৱা তিনিজনৰ ভিতৰত দুজন মুকেশৰ আত্মীয়। গ্ৰেপ্তাৰ হোৱা লোক কেইজন হৈছে মুকেশৰ সম্পৰ্কীয় ভাতৃ ৰিতেশ চন্দ্ৰাকৰ, দীনেশ চন্দ্ৰাকৰ আৰু মহেন্দ্ৰ ৰামটেকে।
উল্লেখ্য যে, শুকুৰবাৰে সাংবাদিক মুকেশ চন্দ্ৰাকৰৰ মৃতদেহ এটা শৌচালয়ৰ টেংকৰ পৰা উদ্ধাৰ হৈছিল। এই হত্যাকাণ্ডৰ মূল মাষ্টাৰমাইণ্ড ঠিকাদাৰ সুৰেশ চন্দ্ৰাকৰ সম্প্ৰতি পলাতক অৱস্থাত আছে।
আৰক্ষীয়ে জানিব দিয়া অনুসৰি, ১ জানুৱাৰিৰ নিশাৰ পৰা নিৰুদ্দেশ হৈ থকা ৩৩ বছৰীয়া সাংবাদিক মুকেশ চন্দ্ৰাকৰৰ মৃতদেহ শুকুৰবাৰে বীজাপুৰ চহৰৰ চট্টানপাৰা বস্তিৰ পৰা উদ্ধাৰ হৈছিল।
ইফালে এই হত্যাকাণ্ড সন্দৰ্ভত উপ-মুখ্যমন্ত্ৰী বিজয় শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয যে এই ঘটনাৰ তদন্তৰ বাবে বিশেষ তদন্তকাৰী দল (এছ আই টি) গঠন কৰা হৈছে। তেওঁ কয়, ‘এই ঘটনাৰ মুখ্য অভিযুক্ত হৈছে সুৰেশ চন্দ্ৰকাৰ। তেওঁ বীজাপুৰৰ কংগ্ৰেছ নেতা আৰু দলৰো শীৰ্ষ পদত অধিষ্ঠিত হৈ আছে। তেওঁক কৰায়ত্ত কৰিবলৈ আৰক্ষীৰ চাৰিটা দল গঠন কৰা হৈছে।’
উপ-মুখ্যমন্ত্ৰী শৰ্মাই লগতে কয় যে মুকেশ চন্দ্ৰাকৰে মাও অধ্যুষিত অঞ্চলত সাহসিকতাৰে ৰিপৰ্টিং কৰিছিল আৰু তেওঁ স্থানীয় সমস্যাসমূহ নিৰ্ভীকভাৱে সমাজৰ আগত দাঙি ধৰিছিল।
উল্লেখ্য যে, বীজাপুৰৰ এটা পথ নিৰ্মাণত হোৱা কেলেংকাৰি সন্দৰ্ভত বাতৰি পৰিৱেশন কৰাৰ পিছতেই হত্যাৰ বলি হৈছিল সাংবাদিক মুকেশ চন্দ্ৰাকৰ।