অম্বুবাচী মেলা উপলক্ষে বান্ধি দিয়া হৈছে বহুকেইটা নিয়ম। এইবাৰ নীলাচললৈ পিন্ধি যাব নোৱাৰিব জোতা-চেণ্ডেল। দৰ্শনাৰ্থীয়ে তলতেই খুলি থৈ যাব লাগিব জোতা চেণ্ডেল। এইবাৰ VIP সংস্কৃতি নাথাকিব নীলাচলত। VIP পাছ বাতিল কৰাৰ লগতে অম্বুবাচী মেলালৈ যোৱাৰ সময়ত ফ্লাই অভাৰৰ তলতেই খুলি থৈ যাব লাগিব জোতা চেণ্ডেল। VIP পাছৰ বাবে অনুৰোধ যাতে নকৰে তাৰ বাবে কেইবাখনো ৰাজ্যক পত্ৰ লিখি প্ৰেৰণ কৰিছে অসম চৰকাৰে। কামাখ্যা মন্দিৰলৈ যোৱা প্ৰৱেশ পথেৰে কেৱল জৰুৰীকালীন সেৱাৰ বাহনহে যাব পাৰিব। বিশেষ বাহনৰ ক্ষেত্ৰতহে থাকিব অনুমতি। নিশা ৮ বজাৰ পিছত কোনো দৰ্শনাৰ্থী কামাখ্যাৰ মূল তোৰণ থকা দিশেৰে যাব নোৱাৰিব। পাণ্ডুৰ ফালে থকা বিকল্প পথেৰেও নিশা ৯ বজাৰ পিছত ওপৰলৈ যাব নোৱাৰিব। দৰ্শনাৰ্থীসকলক তলতেই জোতা চেণ্ডেল খুলি ওপৰলৈ যাবলৈ অনুৰোধ জনাইছে প্ৰশাসনে। উৰণীয়া সেঁতুৰ তলত প্ৰশাসনে জোতা চেণ্ডেল থবৰ বাবে বিশেষ ব্যৱস্থা কৰিছে। ৰে’ল ষ্টেশ্যনৰ পৰা পাণ্ডলৈ বাছেৰে অনা হ’ব দৰ্শনাৰ্থীক। আজি নিশা অম্বুবাচীৰ প্ৰবৃত্তিৰ লগতে আজিৰে পৰা তিনিদিনলৈ বন্ধ থাকিব মা কামাখ্যাৰ দুৱাৰ। ২৬ জুনলৈ বন্ধ থাকিব মা কামাখ্যাৰ মুখ্য দুৱাৰ।