কৰ্ণাটকত বৰ্তমানলৈ ২৫,৪০৮ জন লোক ধৰা পৰিছে ডেংগু ৰোগত। শেহতীয়াকৈ ৰাজ্যখনত ১২ জন লোকৰ মৃত্যুও হৈছে। হাছান, ধাৰৱাড় আৰু শিৱমোগ্গাত দুজনকৈ মৃত্যু হোৱাৰ লগতে মাইশূৰ, হাৱেৰী আৰু দাৱনাগেৰেত এজনকৈ লোকৰ এই মহামাৰীত মৃত্যু হৈছে।
ক্ৰমাৎ বৃদ্ধি পোৱা ডেংগুৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত কৰ্ণাটক চৰকাৰে ডেংগুক মহামাৰী ৰোগ বুলি ৰাজ্যিকভাৱে ঘোষণা কৰিছে। এক অধিসূচনাৰ জৰিয়তে ৰাজ্য চৰকাৰে ডেংগুক জনস্বাস্থ্যৰ বাবে গুৰুতৰ বিষয় বুলি অভিহিত কৰিছে। আৰু লগতে কোৱা হৈছে যে ইয়াক নিয়ন্ত্ৰণৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হ’ব।
কৰ্ণাটক চৰকাৰে ‘মহামাৰী ৰোগ নিয়মাৱলী ২০২০ চন’তো সালসলনি কৰিছে। এই পৰিৱৰ্তন অনুসৰি পানীৰ টেংকি, মুকলি উদ্যান বা খেলপথাৰত মহৰ বংশবৃদ্ধি ৰোধ কৰিবলৈ ঘৰৰ স্বত্বাধিকাৰীসকলক কঠোৰ পদক্ষেপ গ্ৰহণৰ নিৰ্দেশ প্ৰদান কৰিছে। তেনে নকৰিলে ঘৰৰ গৰাকীসকলক জৰিমনা বিহা হ’ব বুলিও স্পষ্ট কৰি দিছে।
ইয়াৰ বাবে চহৰ অঞ্চলত ৪০০ টকা আৰু গ্ৰামাঞ্চলত ২০০ টকা জৰিমনা ভৰিব লাগিব। যদিহে বাণিজ্যিক প্ৰতিষ্ঠান, ৰেষ্টুৰেণ্ট, সৰু দোকান, বিক্ৰেতাই স্বাস্থ্য নিৰ্দেশনাৱলী উলংঘা কৰে তেন্তে চহৰ অঞ্চলত ১০০০ টকা আৰু গ্ৰামাঞ্চলত ৫০০ টকা জৰিমনা বিহা হ’ব।
২ ছেপ্টেম্বৰলৈকে ব্ৰুহাট বেংগালুৰু পৌৰ নিগমৰ অধীনস্থ বেংগালুৰুত সৰ্বাধিক ১১,৫৯০ জন ডেংগু জ্বৰত আক্ৰান্ত হৈছে। লগতে এই অঞ্চলত ডেংগুৰ বাবে তিনিজন লোকৰ মৃত্যু হৈছে। মাণ্ডিয়াত ৮৭২ জন, হাছানত ৮৩৫ জন, মাইশূৰত ৮২০ জন আৰু কালাবুৰাগীত ৭৯৩ জন ডেংগুত আক্ৰান্ত হৈছে।
নিয়মীয়াকৈ পৰিদৰ্শন, অনাময় প্ৰট’কল বলবৎ কৰাৰ লগতে ক্ষতিগ্ৰস্ত অঞ্চলত চিকিৎসা সাহায্য প্ৰদান কৰিবলৈ চৰকাৰে বিষয়াসকলক কঠোৰ নিৰ্দেশ দিছে। মহৰ বংশবৃদ্ধি ৰোধ কৰিবলৈ পানী সংৰক্ষণ পাত্ৰ বা ওপৰৰ টেংকি ঢাকনিৰে ঢাকি ৰাখিবলৈ স্বাস্থ্যকৰ্মীসকলক নিৰ্দেশ দিয়া হৈছে।
বিষয়াসকলক সময়ে সময়ে খালী ঠাইসমূহ, অট্টালিকা, পানীৰ টেংকি, উদ্যান আৰু খেলপথাৰ পৰিদৰ্শন কৰিবলৈ কোৱা হৈছে। তদুপৰি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ নীতি-নিৰ্দেশনা কাৰ্যকৰী কৰাৰ নিৰ্দেশনাও দিয়া হৈছে।