জম্মু-কাশ্মীৰৰ কুপৱাৰা জিলাত নিয়ন্ত্ৰণ ৰেখাৰ কাষত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত এক এনকাউণ্টাৰ চলি আছে। এই অভিযানত এই পৰ্যন্ত দুজন সন্ত্ৰাসবাদী নিহত হৈছে। অঞ্চলটোত আৰু অধিক সন্ত্ৰাসবাদী আত্মগোপন কৰি থকাৰ সন্দেহত সেনাৰ অভিযান এতিয়াও অব্যাহত আছে।
নিৰাপত্তাৰক্ষীয়ে অনুপ্ৰৱেশৰ চেষ্টাৰ তথ্য লাভ কৰাৰ পৰাই এই অভিযান আৰম্ভ হয়। ভাৰতীয় সেনাই সমগ্ৰ অঞ্চলটো ঘেৰাও কৰি তালাচী অভিযান তীব্ৰতৰ কৰি তুলিছে। যোৱা কিছুদিনত পুনৰ বৃদ্ধি পাইছে সীমান্তৰ সিপাৰৰ পৰা সন্ত্ৰাসবাদী কাৰ্যকলাপ।
সেনা আৰু আৰক্ষীয়ে যৌথ অভিযানৰ সময়ত ৱাৰছান অঞ্চলৰ ব্ৰীজথৰ বনাঞ্চলত সন্ত্ৰাসবাদীৰ আত্মগোপন স্থান উন্মোচন কৰে। এই অভিযানৰ সময়ত নিৰাপত্তা বাহিনীয়ে দুটা এ কে ছিৰিজৰ ৰাইফল, চাৰিটা ৰকেট লঞ্চাৰ, গোলাবাৰুদৰ বৃহৎ ভঁৰাল আৰু অন্যান্য যুদ্ধ সামগ্ৰী উদ্ধাৰ কৰে।
বিষয়াসকলৰ মতে, শ্ৰীনগৰত ভিত্তি কৰি ভাৰতীয় সেনাৰ চিনাৰ কৰ্পছে লাভ কৰা চোৰাংচোৱা তথ্যৰ ভিত্তিত এই অভিযান আৰম্ভ কৰা হৈছে। অঞ্চলটোত আত্মগোপন কৰি থকা আন সন্ত্ৰাসবাদীৰ সন্ধান উলিয়াবলৈ এতিয়াও অব্যাহত আছে তালাচী অভিযান।
উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও কুলগাম জিলাৰ গুদ্দাৰ বনাঞ্চলত সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত মুখামুখি হৈছিল। সেই অভিযানত দুজন সন্ত্ৰাসবাদী নিহত হোৱাৰ বিপৰীতে দুজন জোৱান শ্বহীদ হয়। নিহত সন্ত্ৰাসবাদীৰ ভিতৰত এজন শ্বোপিয়ানৰ বাসিন্দা আমিৰ আহমেদ দাৰ বুলি চিনাক্ত কৰা হৈছে, যিজন লস্কৰ-ই-তৈবাৰ সৈতে জড়িত আৰু ২০২৩ চনৰ ছেপ্টেম্বৰৰ পৰা সক্ৰিয় হৈ আছিল।










