No Result
View All Result
‘তুলসীৰ তলে তলে মৃগ পহু চৰে,
তাকে দেখি ৰামচন্দ্ৰই হৰধনু ধৰে’
আজি কাতি বিহু। অসমীয়াৰ বিহু তিনিটি। ৰঙালী বিহু, কঙালী বিহু আৰু ভোগালী বিহু। আহিন আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনা পালন কৰা এই কাতি বিহুক লৈ ব্যস্ত হৈ পৰে প্ৰতিজন চহা অসমীয়া। সকলো অপায় অমঙ্গল দূৰ কৰি শস্যৰ শ্ৰীবৃদ্ধিৰ হোৱাৰ কামনাৰে সন্ধিয়া বিহু বুলি ঘৰৰ পদূলিত তথা ভৰালৰ সন্মুখত তুলসী ভেটি স্থাপন কৰি এগছি বন্তি প্রজ্বলন কৰে প্ৰত্যেক অসমীয়া৷
তুলসী তলত চাকিগচি জ্বলাই প্ৰতিজন অসমীয়াই পৰিয়ালৰ লগতে দহৰ মংগল কামনা কৰাৰ লগতে কঁপালৰ ঘাম মাটিত পেলাই কৰা খেতিয়কৰো উন্নতি কামনা কৰা হয়। আকাশ বন্তিৰ পোহৰে উজলাই তোলে অসমীয়াৰ পদূলি৷
লোকবিশ্বাস মতে কাতি বিহুৰ দিনা ঘৰ–দুৱাৰ, চোতাল-পদূলি সকলো পৰিস্কাৰ হৈ থাকিলে গৃহস্থৰ ঘৰলৈ মা লক্ষ্মীদেৱীৰ আগমন ঘটে। এই বিহুৰ সময়ত ভঁৰালৰ ধান প্ৰায় শেষ হয়। অভাৱ-অনাটনৰে ভৰা সময়ত উদযাপিত হোৱাৰ বাবে এই কাতি বিহুক কঙালী বিহু বুলি কোৱা হয়। কাতি বিহুত উলহ-মালহ আৰু ভোগ-প্ৰাচুৰ্য বেছিকৈ নাথাকে।
No Result
View All Result