কাজাখাস্তানৰ আকটাউ বিমানবন্দৰৰ সমীপত এক ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছে আজাৰবাইজান এয়াৰলায়েন্সৰ এখন বিমান। কাজাখাস্তানৰ জৰুৰীকালীন বিভাগে জানিব দিয়া অনুসৰি এই দুৰ্ঘটনাটোত ৫২ জন লোকৰ মৃত্যু হৈছে।
বুধবাৰে আজাৰবাইজান এয়াৰলায়েন্সে জানিব দিয়া অনুসৰি, দ্যা এম্ব্ৰেয়ৰ ১৯০ বিমানখন জৰুৰীকালীনভাৱে আকটাউ বিমান বন্দৰত অৱতৰণ কৰিবলগীয়া হয়। অৱতৰণৰ সময়তে বিমানখন দুৰ্ঘটনাত পতিত হয়।
কাজাখাস্তানৰ চৰকাৰৰ তৰফৰ পৰা জানিব দিয়া অনুসৰি দুৰ্ঘটনাস্থলত ৫০ৰো অধিক উদ্ধাৰকাৰী লোক উপস্থিত হৈ জুই নুমুওৱাৰ চেষ্টা চলোৱাৰ লগতে যাত্ৰীসকলক উদ্ধাৰৰ বাবে ক্ষীপ্ৰ গতিত অভিযান চলায়।
স্থানীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি, বিমানখনত ৬৭ গৰাকী যাত্ৰী আৰু পাঁচগৰাকী ক্ৰিউ মেম্বাৰ উপস্থিত আছিল।
প্ৰাৰম্ভিক খবৰ অনুসৰি, দুৰ্ঘটনাটোত কিছু সংখ্যক লোকৰ প্ৰাণ ৰক্ষা পৰে। প্ৰথম অৱস্থাত কোৱা হৈছিল যে বিমানখনত ১০০ ৰো অধিক যাত্ৰী আছিল।
এই ভয়ংকৰ দুৰ্ঘটনাৰ ভিডিঅ’ সম্প্ৰতি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ আছে। ভাইৰেল ভিডিঅ’সমূহত দেখা পোৱা যায় যে বিমানখনে তীব্ৰ গতিত আকাশমাৰ্গৰ পৰা ভূ-পৃষ্ঠৰ দিশে নামি আহিছে আৰু কেই ছেকেণ্ডমানৰ ভিতৰতে বিমানখন দুৰ্ঘটনাত পতিত হয়।
ভিডিঅ’ত দেখা পোৱা অনুসৰি, দুৰ্ঘটনা হোৱাৰ পিছতে এক প্ৰচণ্ড বিস্ফোৰণ আৰু ইয়াৰ পিছত জুই আৰু ধোঁৱাই সমগ্ৰ অঞ্চলটো আৱৰি ধৰে।
খবৰ অনুসৰি বিমানখন আজাৰবাইজানৰ ৰাজধানী বাকুৰ পৰা ৰাছিয়াৰ চেচেনিয়া প্ৰদেশৰ গ্ৰ’জনি চহৰলৈ ৰাওনা হৈছিল। কিন্তু ঘন কুঁৱলীৰ বাবে ই বিকল্প পথৰ দিশে গতি কৰে আৰু সেই সময়ত দুৰ্ঘটনাৰ সন্মুখীন হ’বলগীয়া হয়।