আজি অৰ্থাৎ ২ মে’ ত পুৱা ৭ বজাৰ পৰা উত্তৰাখণ্ডৰ পাহাৰত অৱস্থিত কেদাৰনাথ মন্দিৰৰ দুৱাৰ ভক্তসকলৰ ভ্ৰমণৰ বাবে মুকলি কৰা হয়। প্ৰত্যেকবাৰৰ দৰে এইবাৰো মন্দিৰৰ দুৱাৰ খোলাৰ পূৰ্বেই ইতিমধ্যে প্ৰভু ভোলানাথৰ দৰ্শন কৰিবলৈ ভক্তৰ ভিৰ হৈ আছে।
এই শুভ অনুষ্ঠানত উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীও শ্ৰীকেদাৰনাথ ধামত উপস্থিত থাকে। ভগৱান শিৱৰ বাৰটা জ্যোতিৰ্লিংগৰ ভিতৰত কেদাৰনাথ অন্যতম আৰু চাৰি ধাম ভিতৰত এখন। প্ৰতি বছৰে শীতকালত প্ৰচণ্ড তুষাৰপাতৰ বাবে মন্দিৰৰ দুৱাৰ বন্ধ কৰি পবিত্ৰ অক্ষয় তৃতীয়া উৎসৱৰ আশে-পাশে শুভ সময় দেখি পুনৰ মুকলি কৰা হয়।
দুৱাৰ খোলাৰ লগে লগে হাজাৰ হাজাৰ ভক্তই বাবা কেদাৰৰ দৰ্শন কৰিবলৈ উত্তৰাখণ্ডত উপস্থিত হয়। এই শুভ অনুষ্ঠানৰ বাবে মন্দিৰ আৰু ইয়াৰ চাৰিওফালৰ চৌহদ আটক-ধূনীয়াকৈ সজাই তোলা হৈছে। প্ৰায় ১০৮ কুইণ্টল ফুলেৰে এই ধাম সজাই পৰাই তোলা হৈছে। ৰুদ্ৰপ্ৰয়াগ জিলাৰ সমুদ্ৰপৃষ্ঠৰ পৰা ১১ হাজাৰ ফুটতকৈও অধিক উচ্চতাত অৱস্থিত কেদাৰনাথ ধাম।
মন্দিৰ সজোৱাৰ কামত নিয়োজিত স্বেচ্ছাসেৱকৰ দলটোৰ নেতৃত্ব দি গুজৰাটৰ বদোদৰাৰ বাসিন্দা শ্ৰীজল ব্যাসে কয় যে এই সজ্জাৰ বাবে গোলাপ আৰু মেৰিগল্ডকে ধৰি ৫৪ প্ৰকাৰৰ ফুল ব্যৱহাৰ কৰা হৈছে। তেওঁ কয় যে নেপাল, থাইলেণ্ড আৰু শ্ৰীলংকাৰ বাহিৰেও দিল্লী, কাশ্মীৰ, পুনে, কলকাতা আৰু পাটনাৰ পৰা এই ফুল অনা হৈছে।
ফুলৰ উপৰিও অসমীয়া জাপিৰে সজোৱা হৈছে কেদাৰনাথৰ মুল প্ৰৱেশদ্বাৰ।