খৰাং আৰু ভোকৰ প্ৰভাৱ এখন ঠাইত ইমানেই ভয়াৱহ হৈ পৰিছে যে উট, ছাগলীৰ বিনিময়ত পৰিয়ালে নিজৰ কন্যা সন্তানক বিয়াৰ বাবে বিক্ৰী কৰিবলৈ বাধ্য হৈছে। জলবায়ু পৰিৱৰ্তনৰ বাবে পৰিস্থিতি অৱনতি ঘটাত ৰাইজে এনে সিদ্ধান্ত ল’বলৈ বাধ্য হৈছে।
এই সংকট কেৱল খাদ্য আৰু পানীৰ অভাৱতেই সীমাবদ্ধ নহয়। বৰঞ্চ মহিলা আৰু ছোৱালীৰ সুৰক্ষা আৰু অধিকাৰৰ প্ৰতিও ই এক গুৰুতৰ ভাবুকি হৈ পৰিছে। এই দেশখন হৈছে কেনিয়া।
দৰাচলতে আল জাজিৰাৰ এক প্ৰতিবেদন অনুসৰি, কেনিয়াৰ মাৰ্ছাবিট অঞ্চলত খৰাং পৰিস্থিতিৰ বাবে পানী আৰু খাদ্যৰ তীব্ৰ নাটনি হৈছে। মহিলাসকলে পানী আনিবলৈ ঘণ্টাৰ পিছত ঘণ্টা খোজ কাঢ়িবলগীয়া হয়। এই অঞ্চলৰ মানুহে নিজৰ গৰু-ম’হৰ মৃত্যুত বিধ্বস্ত হৈ পৰিছে আৰু এতিয়া পৰিয়াল বচাবলৈ উট-ছাগলীৰ বিনিময়ত কন্যা সন্তানক বিয়া দিবলৈ বাধ্য হৈছে।
প্ৰতিবেদন অনুসৰি ইয়াৰ বহু গাঁৱত ঘণ্টাৰ পিছত ঘণ্টা পানীৰ বাবে অপেক্ষা কৰাটো সাধাৰণ কথা হৈ পৰিছে। মানুহে নিজৰ বাকী থকা গৰুবোৰ বিক্ৰী কৰি পানী কিনিছে। এগৰাকী মহিলাই কয় যে যোৱা খৰাঙত তেওঁ নিজৰ সকলো জীৱ-জন্তু হেৰুৱাইছিল আৰু তেওঁৰ কণমানি পুত্ৰ পুষ্টিহীনতাৰ বাবে অসুস্থ হৈ পৰিছিল। তেওঁলোকৰ খাদ্য আৰু ঔষধৰ বাবে এতিয়া আৰু কোনো সামৰ্থ্য বাকী নাথাকে। এনেধৰণৰ পৰিস্থিতিয়ে মানুহক দৰিদ্ৰতালৈ ঠেলি দিয়াই নহয়, মহিলাসকলক আৰু অধিক দুৰ্বলো কৰি তুলে।
স্থানীয় সংগঠনসমূহে কয় যে, জলবায়ু পৰিৱৰ্তনে কেৱল অৰ্থনৈতিক সংকট বৃদ্ধি কৰাই নহয়, মহিলাৰ ওপৰত হিংসাও বৃদ্ধি কৰিছে। যিহেতু সেই ঠাইৰ মহিলাসকলে পানী আৰু পশুখাদ্যৰ সন্ধানত দুৰ্গম অঞ্চললৈ যাত্ৰা কৰে, সেয়েহে তেওঁলোক বহুতো অপকৰ্মৰ বলি হৈ পৰে।