১০ মিনিট ৮ ছেকেণ্ডৰে খাদেম আলীয়ে গঢ়িলে অভিলেখ। অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাত ১০ মিনিটতে সম্পূৰ্ণ কৰিলে ৩২০০ মিটাৰ দৌৰ।
ৰাজ্যত চলি আছে অসম আৰক্ষীৰ নিযুক্তিৰ শাৰীৰিক পৰীক্ষা। ইয়াৰ মাজতে আহিল ভাল খবৰ। খাদেম আলীয়ে অসমৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ লাভ কৰি সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।
উল্লেখ্য যে, আজি অনুষ্ঠিত হোৱা পানবাৰী 20APBN কেম্পত দক্ষিণ শালমাৰাৰ জিলাৰ পৰীক্ষাৰ্থীৰ শাৰীৰিক পৰীক্ষাত এই সফলতা লাভ কৰে খাদেম আলীয়ে।
দক্ষিণ শালমাৰা জিলাৰ ৰাদুৰাম চাৰিআলী গাঁওখনৰ দুখীয়া খেতিয়কৰ সন্তান খাদেম আলীয়ে সপোন দেখিছিল অসম আৰক্ষীত যোগদান কৰি দেশ মাতৃক সেৱা আগবঢ়াৰ। পিতৃৰ কৃষি কামত সহায় কৰাৰ লগে লগে কৰি গৈছিল শাৰিৰীক প্ৰস্তুতি।
আজি অনুষ্ঠিত হোৱা শাৰীৰিক পৰীক্ষাত ৬০ গৰাকীৰ ভিতৰত প্ৰথম স্থান লাভ কৰি সৰ্বমুঠ ৬০ নম্বৰৰ ভিতৰত ৫৯.৩৬ নম্বৰ লাভ কৰিবলৈ সক্ষম হয় খাদেম আলীয়ে।