ভাৰত-ইংলেণ্ডৰ মাজত চলি থকা টেষ্ট শৃংখলাৰ চতুৰ্থখন মেচ আজিৰ পৰা মানচেষ্টাৰত আৰম্ভ হৈছে। মেচখনত টছত জয়ী হৈ ভাৰতক প্ৰথমে বেট ধৰাৰ বাবে আমন্ত্ৰণ জনাই ইংলেণ্ডে। এই সময়তে ভাৰতৰ ইনিংছ মুকলি কৰা কে এল ৰাহুলে ইংলেণ্ডৰ ভূমিত এক বিশেষ অভিলেখ গঢ়িবলৈ সক্ষম হয়।
ইংলেণ্ডৰ ভূমিত ১০০০ টেষ্ট ৰান সংগ্ৰহ কৰা কে এল ৰাহুল দ্বিতীয়গৰাকী বেটাৰত পৰিণত হৈছে। তেওঁৰ পূৰ্বে এই কৃতিত্ব গঢ়িছিল কিম্বদন্তী সুনীল গাভাস্কাৰে।
বিদেশৰ ভূমিত ভাৰতীয় অ’পেনাৰৰ ১০০০ৰো অধিক ৰান
১৪০৪ – ৱেষ্ট ইণ্ডিজত সুনীল গাভাস্কাৰ
১১৫২ – ইংলেণ্ডত সুনীল গাভাস্কাৰ
১০০১ – পাকিস্তানত সুনীল গাভাস্কাৰ
১০০০ – কে এল ৰাহুল, ইংলেণ্ডত
মানচেষ্টাৰত চলি থকা টেষ্ট মেচখনৰ প্ৰথম ইনিংছত ২৮ ৰান সংগ্ৰহ কৰাৰ লগে লগে ৰাহুলে এই অভিলেখ গঢ়িবলৈ সক্ষম হয়। এই মাইলৰ খুঁটিত উপনীত হ’বলৈ তেওঁক মাত্ৰ ২৮ ৰানৰ প্ৰয়োজন আছিল, আৰু ১৫ নং অভাৰত তেওঁ এই লক্ষ্যত উপনীত হৈছিল।
এই মেচখন ৰাহুলৰ ইংলেণ্ড ভ্ৰমণৰ ত্ৰয়োদশ টেষ্ট। এই কৃতিত্বই প্ৰমাণ কৰে যে ৰাহুলে বিদেশৰ মাটিত বিশেষকৈ ইংলেণ্ডৰ প্ৰত্যাহ্বানমূলক পিটচত নিজকে নিৰ্ভৰযোগ্য অ’পেনাৰ হিচাপে প্ৰতিষ্ঠা কৰিছে।
অৱশ্যে তেওঁ আজিৰ মেচখনত সুন্দৰ আৰম্ভণি কৰাৰ পিছতো দীঘলীয়া ইনিংছ খেলিবলৈ ব্যৰ্থ হয়। অৰ্ধশতকৰ দিশে আগবঢ়াৰ সময়তে অৰ্থাত ৪৬ ৰান কৰি তেওঁ আউট হয়।