দেশ কঁপাই যোৱা কলিকতাৰ অভয়া কাণ্ডৰ কথা দেশবাসীয়ে পাহৰি যোৱা নাই। এগৰাকী মহিলা চিকিৎসকক গণ ধৰ্ষণ কৰি হত্যা কৰিছিল কেইটামান পাষণ্ডই।
এগৰাকী মহিলা প্ৰশিক্ষাৰ্থী চিকিৎসকক ধৰ্ষণ আৰু হত্যা কৰাৰ অভিযোগত অভিযুক্ত হোৱা সঞ্জয় ৰয়ে বৰ্তমান কাৰাগাৰত আছে।
সঞ্জয় ৰয় কলিকতাৰ প্ৰেচিডেন্সি কাৰাগাৰত ২১ নম্বৰৰ চেলত বন্দী হৈ আছে। কোনো ধৰণৰ অনুতপ্ত নোহোৱা সঞ্জয় ৰয়ে কাৰাগাৰত কটাইছে বিলাসী জীৱন।
এক সূত্ৰৰ খবৰ অনুসৰি, নিশা কাৰাগাৰত ৰুটি আৰু মটন খাইছে সঞ্জয় ৰয়ে। চিবিআইৰ দলে কলিকতাৰ প্ৰেচিডেন্সি কাৰাগাৰত তেওঁৰ ওপৰত পলিগ্ৰাফ পৰীক্ষা চলাই আছে।
চিচিটিভি ফুটেজত সঞ্জয় ৰয়ক হত্যাৰ পুৱা ৪ বজাত আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ত প্ৰৱেশ কৰা দেখা গৈছে। এতিয়ালৈকে চিবিআইৰ জেৰাত সঞ্জয় ৰয়ে কোনো বিশেষ গোপন কথা প্ৰকাশ কৰা নাই।
একে সময়তে, অভিযুক্ত সঞ্জয় ৰয়ৰ মাতৃয়ে প্ৰথমবাৰৰ বাবে সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য প্ৰদান কৰিছে। তেওঁ কৈছে, পুত্ৰই ইচ্ছাকৃতভাৱে এই কেলেংকাৰীত জড়িত হোৱা নাই।
আনহাতে সঞ্জয় ৰয়ৰ চুবুৰীয়াই কৈছিল যে, সঞ্জয় ৰয়ৰ আচৰণ ভাল নাছিল। তেওঁ যথেষ্ট সুৰাপান কৰিছিল আৰু সুৰাপান কৰাৰ পিছত তেওঁৰ আচৰণ অতি বৰ্বৰ হৈ পৰিছিল।
উল্লেখ্য যে, আৰ জি কৰ চিকিৎসালয়ত এজন প্ৰশিক্ষাৰ্থী চিকিৎসকক বলাৎকাৰ আৰু হত্যাৰ গোচৰত গ্ৰেপ্তাৰহ কৰা হৈছিল সঞ্জয় ৰয়ক।
এই নিৰ্মম ঘটনাই সমগ্ৰ দেশতে ব্যাপক ক্ষোভৰ সৃষ্টি কৰিছে। যাৰ প্ৰতিবাদত সমগ্ৰ ভাৰততে প্ৰতিবাদ অনুষ্ঠিত হৈছিল। চিকিৎসক সংগঠনসমূহে এসপ্তাহতকৈও অধিক সময় ধৰ্মঘট কৰিছিল।