অহা ডিচেম্বৰ মাহত ভাৰত ভ্ৰমণলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন। শুকুৰবাৰে ক্ৰেমলিনে এই কথা নিশ্চিত কৰে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ এই ভাৰত ভ্ৰমণে দুয়োখন দেশৰ মাজৰ সম্পৰ্ক আৰু অধিক দৃঢ় হ’ব বুলি ধাৰণা কৰা হৈছে।
ক্ৰেমলিনৰ বিষয়া ইউৰি উছাকোভে কয় যে চীনত অনুষ্ঠিত হ’বলগীয়া সন্মিলনৰ সময়ত সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিব পুটিনে। এই সময়তে দুয়োগৰাকী নেতাই ডিচেম্বৰ ভ্ৰমণৰ প্ৰস্তুতিৰ বিষয়ে আলোচনা কৰিব।
উল্লেখ্য যে, যোৱা মাহত ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালেও পুটিনৰ ভাৰত ভ্ৰমণৰ কথা নিশ্চিত কৰিছিল। তেওঁ কৈছিল, ‘ৰাছিয়াৰ সৈতে আমাৰ বিশেষ আৰু দীৰ্ঘদিনীয়া সম্পৰ্ক আছে, আৰু আমি এই সম্পৰ্কক অতি গুৰুত্ব দিওঁ।’
ভাৰত আৰু ৰাছিয়াৰ মাজত দীৰ্ঘদিনৰ পৰা আছে এক গভীৰ সম্পৰ্ক। এই ভ্ৰমণে বাণিজ্য, প্ৰতিৰক্ষা, শক্তিৰ দৰে ক্ষেত্ৰত দুয়োখন দেশৰ মাজত সহযোগিতা আৰু অধিক বৃদ্ধিৰ সুযোগ প্ৰদান কৰিব। পুটিনৰ এই ভ্ৰমণে দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাই নহয় বিশ্ব মঞ্চত ভাৰতৰ কূটনৈতিক স্থিতিও শক্তিশালী কৰিব।