২৪ ছেপ্টেম্বৰত কেন্দ্ৰীয় শাসিত অঞ্চল লাডাখক সম্পূৰ্ণ ৰাজ্য গঠনৰ দাবীত আৰম্ভ হোৱা প্ৰতিবাদ হিংসা, অগ্নিসংযোগ, ৰাজপথৰ সংঘৰ্ষলৈ পৰিণত হয়। ৪জন লোক নিহত হোৱাৰ লগতে আহত হয় কমেও ৮০জন।
বিগত কেইবামাহো ধৰি লাডাখৰ হৈ বিভিন্ন প্ৰতিবাদৰ নেতৃত্ব দি আহিছিল সমাজ কৰ্মী সোণম ৱাংচুকে। এতিয়া ছাত্ৰ-ছাত্ৰীয়ে তেওঁৰ সমৰ্থনত ৰাজপথলৈ ওলাই আহিছে।
প্ৰতিবাদৰ সময়ত ছাত্ৰ-ছাত্ৰীৰ মাজত আৰক্ষীৰ সংঘৰ্ষ হয়, যাৰ ফলত ৪জন লোকৰ মৃত্যু হয় আৰু কেইবাজনো আহত হয়। এক প্ৰতিবেদন অনুসৰি, ৪০ জন আৰক্ষীও আহত হৈছে। সমগ্ৰ মহানগৰীত বৃহৎ সংখ্যক আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে কন্দুৱা গেছৰ গুলী নিক্ষেপ কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।
লাডাখৰ লেফটেনেণ্ট গৱৰ্ণৰ কবিন্দৰ গুপ্তাই লেহত সংঘটিত হোৱা হিংসাত্মক ঘটনাক তীব্ৰ গৰিহণা দিয়ে। কেন্দ্ৰীয় শাসিত অঞ্চলত শান্তি বিঘ্নিত কৰাৰ বাবে দায়ীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি তেওঁ সকীয়াই দিয়ে।
প্ৰতিবাদকাৰীৰ ৪ টা ডাঙৰ দাবী হ’ল-
- লাডাখৰ বাবে সম্পূৰ্ণ ৰাজ্য
- ষষ্ঠ অনুসূচীৰ অধীনত সাংবিধানিক সুৰক্ষা
- কাৰ্গিল আৰু লেহৰ বাবে পৃথক পৃথক লোকসভাৰ আসন
- স্থানীয় লোকক চৰকাৰী চাকৰিত নিযুক্তি
প্ৰতিবাদকাৰীৰ দাবীৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে অহা ৬ অক্টোবৰত দিল্লীত এখন বৈঠক অনুষ্ঠিত কৰিব পাৰে। ২০২৯ চনত ৩৭০ আৰু ৩৫এ অনুচ্ছেদ বাতিল হোৱাৰ পিছত জম্মু-কাশ্মীৰ আৰু লাডাখক পৃথক কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে গঢ়ি তোলা হয়। তেতিয়া চৰকাৰে পৰিস্থিতি স্বাভাৱিক হ’লেই সম্পূৰ্ণ ৰাজ্যৰ অধিকাৰ প্ৰদানৰ প্ৰতিশ্ৰুতি দিছিল।










